নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পজিটিভ প্রসূতিৰ গোৱালপাৰা চিকিৎসালয়ত সফল অস্ত্রোপচাৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আজি এগৰাকী ক’ভিড–১৯ আক্রান্ত প্রসূতিৰ সফল অস্ত্রোপচাৰ সম্পন্ন হয়৷ মহিলাগৰাকীয়ে এটি পুত্র সন্তান জন্ম দিয়ে আৰু জন্মৰ পিছতেই সন্তানৰ ছোৱাব পৰীক্ষা কৰাত ক’ভিড–১৯ ফলাফল নিগেটিভ ওলায়৷ জানিব পৰা মতে, জিলাখনৰ আগিয়াৰ বামুণপাৰাৰ কানু ৰয়ৰ স্ত্রী কনিকা ৰায় (৩৪) নামৰ মহিলাগৰাকীয়ে প্রসৱ বেদনাত ছটফটাই থকাত কালি পুৱা চিকিৎসালয়খনত ভর্তি কৰোৱা হৈছিল৷ পিছত ছোৱাৱ পৰীক্ষাত তেওঁৰ ক’ভিড–১৯ পজিটিভ ওলায়৷ বিষয়টো অৱগত কৰাত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গোৱালপাৰা অসামৰিক চিকিৎসালয়তে প্রসূতিগৰাকীৰ অস্ত্রোপচাৰ কৰাৰ নির্দেশ দিয়ে৷

স্বাস্থ্যমন্ত্রীগৰাকীৰ্ নির্দেশৰ পিছতে আজি সুকীয়াকৈ তাৎক্ষণিকভাৱে অস্ত্রোপচাৰ কক্ষ প্রস্তুত কৰি প্রসূতিগৰাকীৰ অস্ত্রোপচাৰ কৰা হয়৷ নৱজাতকটোক ইতিমধ্যে শিশুৰ যতন কক্ষত ৰখাৰ বিপৰীতে প্রসূতি মাতৃগৰাকীক ক’ভিড–১৯ৰ আইছ’লোচন ৱার্ডত ৰখা হৈছে৷ বাতৰি যুগুতোৱা পৰলৈকে মাতৃ–সন্তানৰ স্বাস্থ্য সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ ক’ৰোনামুক্ত নৱজাতকটোৰ আগমনক কেন্দ্র কৰি পৰিয়ালটোত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ নির্দেশমর্মে সাহসিক সিদ্ধান্ত গ্রহণ কৰি এই সফল অস্ত্রোপচাৰটো ডাঃ মণিকুন্তলা চৌধুৰী, ডাঃ বি কে বৰদলৈসহ ৭জনীয়া দল এটিয়ে সমাপন কৰে৷ ইফালে, এই অস্ত্রোপচাৰৰ সফলতাত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ শ্যামেলেন্দু দাসে অস্ত্রোপচাৰ কক্ষত কাম কৰা আটাইলৈ ধন্যবাদ জনায়৷

You might also like