নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয়ৰ দিশে মানৱ সভ্যতা

বিশ্বজুৰি ত্রাসৰ সৃষ্টিকাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে চলি থকা মানৱৰ মহাসমৰখনত মানৱৰে বিজয় হ’ব, এই বিশ্বাসটো প্রায় প্রতিগৰাকী মানৱে নিজৰ সৈতে কঢ়িয়াই লৈ ফুৰিছিল৷ সেইবাবেই ইমান বিপর্যয়ৰ পিছতো ক’তো হতাশাৰ প্রতিফলন ঘটা নাছিল৷ হতাশাগ্রস্ত হৈ ক’তোৱেই মানৱ সমাজখনে শৃংখলা ভংগ কৰা নাছিল৷ চৰকাৰ–প্রশাসন, চিকিৎসাকর্মী, আৰক্ষীকে ধৰি সকলোৱে ডদ্যম নেহেৰুওৱাকৈ বিশ্বৰ সর্বত্র কাম কৰি গৈছে৷ আজিলৈকে কোনো পক্ষই ক’ভিড–১৯কবলে নোৱাৰিম বুলি ৰণক্ষেত্রৰ পৰা পৃষ্ঠভংগ দিয়া নাই৷ এই আশাবাদ আৰু মানৱ সভ্যতাক যিকোনো ডপায়ে সংকটটোৰ পৰা ডদ্ধাৰ কৰিম বুলি দৃঢ়তাৰে কৰি অহা কামৰ সুফল লাহে লাহে ওলাবলৈ ধৰিছে৷ মাৰাত্মক ভাইৰাছটোক পৰাজিত কৰাৰ দিশলৈ অগ্রসৰ হৈছে পৃথিৱীখন৷ বিশ্বৰ ঠায়ে ঠায়ে ক’ভিড–১৯ক প্রতিৰোধ কৰাৰ অর্থে দৰব ডদ্ভাৱনৰ প্রয়াসে মানুহৰ মাজত এটাৰ পিছত এটাকৈ আশাৰবাতৰি কঢ়িয়াই আনিছে৷ ভাৰতবর্ষতে সাতটা ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রস্তুতৰ কাম পূর্ণোদ্যমে চলি আছে৷ ইয়াৰে হায়দৰাবাদৰ দৰব প্রস্তুতকাৰী কোম্পানী ভাৰত বায়’টেকৰ ‘ক’ভাক্সিন’–এ ক’ৰোনাবিৰোধী যুঁজখনক মানৱৰ সপক্ষে যথেষ্ট পৰিমাণে শক্তি প্রদান কৰিছে৷ তদুপৰি, জুডাছ কেডিলা, পেনেনকা বায়’টেক, ইণ্ডিয়ান ইমিডন’লজিকেল ভেকচিন, মিনভ্যাক্স আদি ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠানে ক’ভিড–১৯ক পৰাভূত কৰাৰ বাবে ভেকচিন প্রস্তুতত যথেষ্টখিনি আগবাঢ়ি গৈছে৷ বিশ্বৰ প্রেক্ষাপটখনলৈ চালে, এনে শ শ ঔষধ প্রস্তুত প্রতিষ্ঠানৰ তালিকা ওলাব, যিয়ে প্রকৃতার্থত মানৱক এই বিপর্যয়ৰ পৰা ৰক্ষা কৰিবলৈ দিন–ৰাতি একাকাৰ কৰি গৱেষণা চলাই আছে৷ তাৰ ফলো আশাপ্রদ হৈ ওলাই আছে৷ এইক্ষেত্রত সবাৰো আগেয়ে ল’ব পৰা নামটো হ’ল অক্সফ’ড বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়খনে ক’ভিড–১৯ৰ পৰা মানৱ সমাজক সুৰক্ষিত কৰাৰ অর্থে ডলিওৱা দৰববিধ এতিয়া সমগ্র বিশ্বৰ বাবে চর্চাৰ বিষয় হৈ পৰিছে৷ ভেকচিনটোৰ দ্বিতীয় পর্যায়ত মানৱ দেহত প্রয়োগো সফল হোৱা বুলি খ্যাতিমান আন্তর্জাতিক চিকিৎসা জার্নেলত প্রকাশ পাইছে৷ ভেকচিনটোৰ পার্শ্বক্রিয়াও চিন্তাজনক নহয় বুলি প্রকাশ পাইছে৷ এনে অৱস্থাত ভেকচিনটোৱে বিশ্বত ত্রাসৰ সৃষ্টি কৰা ভাইৰাছটোৰ পৰা মানৱক সুৰক্ষা দিব পাৰিববুলি বিশ্বাসৰ পৰিৱেশ এটা সৃষ্টি হৈছে৷
অক্সফ’ড বিশ্ববিদ্যালয়ে প্রস্তুত কৰা ভেকচিনটোৰ সৈতে ভাৰতৰো সম্পর্ক এটা গঢ়ি ডঠিছে৷ ১৩০ কোটি জনসাধাৰণৰ দেশখনত ভেকচিনটো প্রস্তুত কৰাৰ দায়িত্ব ছীৰাম ইনষ্টিটিডিট অৱ ইণ্ডিয়াই লাভ কৰাবুলি খবৰ ওলাইছে৷ ইনষ্টিটিডটে অক্সফ’ড বিশ্ববিদ্যালয়ৰ সহযোগী গৱেষণা প্রতিষ্ঠান এষ্ট্রা জেনেকাৰ সৈতে চুক্তিবদ্ধ হৈ ভেকচিনটো ভাৰতত ডৎপাদন কৰাৰ অধিকাৰ লাভ কৰিছে৷ ছীৰাম ইনষ্টিটিডটৰ তৰফৰ পৰা ইতিমধ্যে ভাৰত চৰকাৰৰ ড্রাগ কণ্ড্র’লাৰক আবেদন জনাই ভেকচিনটোৰ মানৱ দেহত পৰীক্ষাৰ বাবে অনুমতি বিচৰা হৈছে৷ সকলো ঠিকে–ঠাকে থাকিলে, আগষ্টৰ পৰাই ভাৰতবর্ষত ভেকচিনটোৰ মানৱ দেহত পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হ’ব৷ ভেকচিনটোৱে ইতিমধ্যে বিশ্বজুৰি যি আশাৰ বাতাৱৰণ সৃষ্টি কৰিছে, সেয়া যদি সার্থক হয়, তেন্তে ক’ভিড–১৯ নামৰ মাৰাত্মক ভাইৰাছটোৰ পৃথিৱীত চাডল ডকলিবলৈ বেছি পৰ নালাগিব৷ তদুপৰি, ভাইৰাছটোৰ পৰা আৰোগ্য লাভ কৰা পৃথিৱীৰ লাখ লাখ লোকৰ দেহত ইতিমধ্যে ভাইৰাছবিধৰ বিৰুদ্ধে স্বয়ংক্রিয়ভাৱে প্রতিৰোধ ক্ষমতা এটা গঢ়ি ডঠিছে৷ এই সকলোবোৰ মিলি ভাইৰাছটোতকৈ মানৱ সভ্যতা লাহে লাহে অধিক শক্তিশালী হৈ ডঠিব ধৰিছে৷ হয়তো সেই দিনটোলৈ আৰু অধিক কাল অপেক্ষা কৰিব লগা নহ’ব, যিটো দিনত লকডাডন মাথোঁ স্মৃতি, সাহিত্য, নাটক, চিনেমাৰ অংশ হৈহে থাকিব৷ কিন্তু লগতে এইটো কথাও মনত ৰখা দৰকাৰ যে এই মুহূর্তত ভাইৰাছটোক সম্পূর্ণৰূপে পৰাজিত কৰাৰ দৰব পৃথিৱীত নাই৷ ইয়াৰ পৰা নিজকে তথা পৰিয়ালটোক সুৰক্ষিত কৰি ৰখাৰ কিছু ডপায়হে আছে৷ অর্থাৎ সামাজিক দূৰত্ব মানি চলা, মাস্ক পিন্ধা, হাত দুখন সততে ধুই থকা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদিৰে ভাইৰাছটোৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰি৷ যেতিয়ালৈকে ভাইৰাছটোক পৰাভূত কৰিব পৰাকৈ বজাৰত দৰব ডপলব্ধ নহ’ব, তেতিয়ালৈকে মানৱ সভ্যতাৰ বাবে ডপায় এটাই আছে– ভাইৰাছটোক কাষলৈ অহাত বাধা দিব লাগিব৷ তাৰবাবে প্রয়োজন হ’ব নিজৰ দেহটোক বিশেষকৈ নাক, চকু, মুখ আদি যাতে ভাইৰাছটোৰ কাষলৈ নাযায়, সেইটো নিশ্চিত কৰা৷ ঘৰত থাকিলে, অনাহকত ৰাজহুৱা স্থানলৈ নোলালে, ক’ভিড–১৯ৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখা আন আন ডপায় অৱলম্বন কৰিলে, ভাইৰাছটোৰ সংক্রমণ যথেষ্টখিনি নিয়ন্ত্রণত থাকিব৷

You might also like