ভূমিকম্পৰ শংকাঃ তম্বুত কটাইছে মিজোৰামৰ গাঁওবাসীয়ে
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ আশ্চর্য যেন লাগিলেও ভূমিকম্পৰ শংকাত মিজোৰামৰ কেইবাখনো গাঁৱৰ বাসিন্দাই মাহ ধৰি নিজ বাসগৃহৰ বাহিৰত তম্বু টানি নিশা কটাই আছে৷ উত্তৰ–পূবৰ ৰাজ্য মিজোৰামৰ চাৰি জিলা ক্রমে চাংফাই, চাইতুৱেল, ছিয়াহা আৰু চার্ছিপত যোৱা ১৮ জুনৰ পৰা প্রায় প্রতিদিনে ভূমিকম্প সংঘটিত হৈ আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিততেই এই জিলাকেইখনৰ কেইবাখনো গাঁৱৰ লোকে নিশা ঘৰৰ ভিতৰত থাকিবলৈ শংকাবোধ কৰে৷ পৰিণতিত মাহ ধৰি ঘৰৰ বাহিৰত তম্বু টানি নিশা কটাই আছে৷ চাম্পাই জিলাৰ উপায়ুক্ত মেৰিয়া চি টি জুৱালীয়ে সাংবাদিকৰ আগত প্রকাশ কৰা মতে, কেইবাখনো গাঁৱৰ লোকে বাহিৰত তম্বু টানি লৈছে৷ এইক্ষেত্রত চৰকাৰে সকলো সা–সুবিধা বিশেষকৈ তম্বুৰ বাবে তির্পাল, পানীৰ বাবে দমকল, সৌৰচাকি আৰু চিকিৎসা সম্পর্কীয় সুবিধা প্রদান কৰিছে৷ তদুপৰি চৰকাৰৰ ফালৰ পৰা খাদ্য সামগ্রী যোগান ধৰা হৈছে৷ বিগত মাহটোত ভূমিকম্পৰ ফলত ১৬খনতকৈ অধিক গাঁৱত ১৭০তকৈ অধিক বাসগৃহ বিধ্বস্ত হৈছে৷ ইয়াৰ ভিতৰত গির্জা আৰু সামূহিক গৃহও আছে৷ লক্ষণীয় যে মুখ্যমন্ত্রী জোৰাম থাংগাই ভূমিকম্প বিশেষজ্ঞ প্রেৰণ কৰিবলৈ কেন্দ্রক আহ্বান জনাইছে৷