লাভ জেহাদৰ অভিযুক্ত ছামছাদক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ লাভ জেহাদৰ অভিযুক্ত ছামছাদক বৃহস্পতিবাৰে উত্তৰ প্রদেশ আৰক্ষীয়ে সংঘর্ষৰ পিছত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মিৰাটত আৰক্ষীৰ সৈতে সংঘর্ষৰ সময়ত ছামছাদক গ্রেপ্তাৰ কৰাৰ লগতে অভিযুক্তজনৰ পৰা পিষ্টল, গুলী উদ্ধাৰ কৰাৰ লগতে এখন মটৰচাইকেল জব্দ কৰে৷ উল্লেখ্য যে অমিত নামেৰে নিজকে হিন্দু বুলি ছামছাদে প্রিয়া নামৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে সম্পর্ক গঢ়ি তোলে৷ বিবাহিত প্রিয়াৰ সৈতে অমিতে সম্পর্ক গঢ়ি তোলাৰ কিছুদিন পিছত প্রিয়াই অমিতৰ প্রকৃত পৰিচয় লাভ কৰে৷ হিন্দুৰ সলনি মুছলিম বুলি জনাৰ পিছত প্রিয়াই সম্পর্ক ছেদ কৰিবলৈ বিচাৰিছিল যদিও অমিতৰূপী ছামছাদে এই লৈ প্রিয়াক হাৰাশাস্তি কৰিবলৈ ধৰে৷ আনকি প্রিয়াৰ ঘৰলৈ গৈ যোৱা ২৮ মার্চত ছামছাদে প্রিয়া আৰু প্রিয়াৰ কন্যা কাছিচক হত্যা কৰি চৌহদত পুতি থয়৷ আৰক্ষীয়ে স্থানীয় মহিলা এগৰাকীৰ খবৰৰ ভিত্তিত এই তথ্য লাভ কৰাৰ পিছত ছামছাদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰে যদিও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে ছামছাদে৷ ছামছাদৰ সন্ধান দিওঁতালৈ ২৫ হাজাৰ উপহাৰ আগবঢ়োৱা আৰক্ষীয়ে অৱশেষত মিৰাটত আজি সংঘর্ষৰ পিছত ছামছাদক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷