নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত আৰু পশ্চিমীয়া ৰাষ্ট্ৰৰ বিৰোধে চীনে জৈৱিক অস্ত্ৰৰ বিকশিত কৰিবলৈ পাকিস্তানৰ সৈতে কৰিছে গোপন চুক্তি

নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ   ভাৰতৰ সৈতে সীমা বিবাদ আৰু পশ্চিমীয়া দেশ সমূহৰ সৈতে চীনৰ বিবাদ চলি থাকোতেই চীন দেশে পাকিস্তানৰ সৈতে তিনি বছৰৰ কাৰণে যুদ্ধৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে জৈৱিক অস্ত্ৰৰ এক গোপন চুক্তি কৰিছে। এই তথ্য জানিবলৈ দিছে বিভিন্ন ধৰণৰ চোৰাং চোৱা সংস্থা সমূহে।

ক’ৰোনা ভাইৰাছ চীনৰ পৰীক্ষাগাৰৰ পৰা বিয়পি পৰিছে বুলি বিভিন্ন সময়ত বিভিন্ন মহলে দাবী কৰি আহিছে। শেহতীয়াকৈ এন্থনী ক্লানৰ দ্বাৰা প্ৰকাশিক এক প্ৰতিবেদনত কোৱা হৈছে যে চীনৰ দেশৰ বুহানৰ পৰীক্ষাগাৰতে পাকিস্তানৰ সেনা আৰু ৰক্ষা বিজ্ঞানৰ সংস্থান (DESTO)ৰ সৈতে গোপন ভাৱে এক চুক্তিত স্বাক্ষৰ কৰিছে যত আছে আহিব লগীয়া সংক্ৰামক ৰোগক অনুসন্ধানত সহযোগ কৰিবৰ বাবে আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে অগ্ৰিম অধ্যয়ন।

ক্লানৰ দ্বাৰা প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে চীন দেশে নিজৰ দেশৰ সীমাৰ বাহিৰত জৈৱিক অস্ত্ৰ সমূহ পৰীক্ষণ কৰা হ’ব যাতে আন্তঃৰাষ্ট্ৰীয় সমুদাৰ পৰা কোনো ধৰণৰ সমালোচনাৰ সন্মুখীন নহয়। উল্লেখ্য যে চীনৰ দেশৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে ক’ৰোনা ভাইৰাছ বিষয়ে প্ৰথম অৱস্থাত বিশ্বক কোনো ধৰণৰ অৱগত কৰা নাছিল, যাৰ বাবে এতিয়া বিশ্বত এক আতংক ময় পৰিৱেশৰ সৃষ্টি হৈছে। যদি প্ৰথম অৱস্থাত অৱগত কৰা হ’লে হয়তো ক’ৰোনা ভাইৰাছক ভালদৰে প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন।

আনহাতে এক চোৰাং চোৱা সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে জৈৱিক অস্ত্ৰৰ অন্তৰ্গত চীনৰ পৰীক্ষাগাৰত এনথাক্সৰ সৈতে সম্বন্ধ থকা বিভিন্ন ধৰণৰ অস্ত্ৰৰ গৱেষণা চলি আছে।

বুহান লেবে পাকিস্তানক জৈৱিক অস্ত্ৰৰ বাবে সম্পূৰ্ণ ৰূপে সহায় কৰি আহিছে যাতে পাকিস্তানে নিজে এই জৈৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰে। বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে চীন আৰু পাকিস্তানে ভাইৰেল ভাইৰাছ CCHFV ৰ প্ৰয়োগ আৰম্ভ কৰি দিছে য’ত খুব সোনকালে জ্বৰ হয় আৰু ই ইবলা ভাৰাছৰ দৰে হয়।

You might also like