আলফাক অস্ত্র–শস্ত্র যোগান ধৰিছে চীনে
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলক অস্থিৰ কৰি ৰাখিবলৈ চীনে ধাৰাবাহিকভাৱে চেষ্টা চলাই আহিছে৷ চীনৰ এনে ষড়যন্ত্র ঐতিহাসিক সত্য ৰূপে পৰিগণিত হৈছে৷ এই মন্তব্য নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ৷ ইণ্টেলেকচুৱেল ফ’ৰাম অৱ নর্থ–ইষ্ট নামৰ সংগঠনটোৱে ছ’চিয়েল মিডিয়া ফেচবুকত আয়োজন কৰা এক লাইভ অনুষ্ঠানত অংশ লৈ নিজ ভাষণত নাগালেণ্ডৰ ৰাজ্যপালজনে কয় যে উত্তৰ–পূর্বাঞ্চলক অস্থিৰ কৰি ৰাখি চীনে ভাৰতত সদায় এক হেঙাৰ সৃষ্টি কৰি আহিছে৷
উত্তৰ–পূর্বাঞ্চলৰ অস্থিৰতাৰ বাবে চুবুৰীয়া ৰাষ্ট্রখনে ভাৰতবিৰোধী উগ্রপন্থী সংগঠনসমূহক উদগনি যোগাই আহিছে৷ চীনে উত্তৰ–পূর্বাঞ্চলত নিজৰ উপস্থিতি অবিহনেই ভাৰতক অস্থিৰ কৰি ৰখাৰ কৌশল গ্রহণ কৰিছে৷ ইয়াৰ বাবে বেইজিঙে বাছি লৈছে উত্তৰ–পূর্বাঞ্চলৰ নির্বাচিত কেইটামান উগ্রপন্থী সংগঠনক৷ এই উগ্রপন্থী সংগঠনৰ জৰিয়তে অঞ্চলটোৰ উন্নয়ন প্রকল্পসমূহ বিঘ্ণিত কৰাই নহয়, উত্তৰ–পূবৰ জনতাক বিপথে পৰিচালিত কৰি আহিছে৷ ইয়াৰ বাবে ভাৰতবিৰোধী প্রচাৰৰ জাল মেলি দিছে বেইজিঙে৷
ৰবিয়ে লগতে প্রকাশ কৰে যে চীনে আলফাক অস্ত্র যোগানকে ধৰি বিভিন্ন সা–সুবিধা আগবঢ়াই আহিছে৷ দেশখনে অবৈধ অস্ত্র বজাৰৰ জৰিয়তে অসমৰ উগ্রপন্থী সংগঠনটোক অত্যাধুনিক অস্ত্র–শস্ত্র যোগান ধৰি উত্তৰ–পূর্বাঞ্চলক অস্থিৰ কৰি ৰখাৰ ষড়যন্ত্র অব্যাহত ৰাখিছে৷