ভাবীজী বেণ্ডৰ পাপৰৰ জৰিয়তে ক’ৰোনা প্ৰতিৰোধ কৰিব পাৰিবঃ অদ্ভুত দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনাৰ লগত যুঁজ দি আছে। ভেকচিনৰ পৰীক্ষণো অন্তিম পৰ্যায়ত উপনীত হৈছে। কিন্তু তাৰ মাজতেই ভাৰত চৰকাৰৰ এজন মন্ত্ৰীয়ে পাপৰৰ যোগেদি ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ দাবী কৰিছে। দৰাচলতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন মেঘৱালৰ এটা ভিডিঅ’ ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত তেওঁ ভাবীজী বেন্ডৰ পাপৰৰ প্ৰচাৰ কৰা দেখা গৈছে। ভিডিঅ’টোত এটা সময়ত তেওঁ কয় যে এই পাপৰ খালে ক’ৰোনা ভাইৰাছৰ বিৰোধে যুঁজ প্ৰতিৰোধ কৰিবলৈ সহায় কৰিব।
ভিডিঅ’টোত মেঘলালে কৈছে আত্ম নিৰ্ভৰ ভাৰত অধীনত ভাবীজী বেণ্ডে এক পাপৰ বনাইছে, য’ত ক’ৰোনা ভাইৰাছৰ বিৰোধে যুঁজ দিবলৈ যি এণ্টী বডী বিকাশ হব লাগে, পাপৰৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব আৰু ভাইৰাছৰ বিৰোধে যুঁজ দিবলৈ এই পাপৰ সহায়ক হ’ব।
উল্লেখ্য যে মেঘবাল ৰাজস্থানৰ বিকানেৰৰ সাংসদ। তেওঁ জল সংসাধন আৰু নদী বিকাশৰ লগতে স্বচ্ছ গংগাৰ ৰাজ্যিক মন্ত্ৰী।
একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই খবৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।