নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলৰ পাছত এদিনত সর্বাধিক ৬১ আক্রান্ত

চীনত পুনৰ দ্রুতগতিত বর্ধিত ক’ভিড–১৯ৰ সংক্রমণ 

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ এপ্রিলৰ পাছত এদিনতে চীনত সর্বাধিক ৬১জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাত উদ্বিগ্ণ হৈ পৰিছে চৰকাৰ৷ তথ্য মতে, দেশখনৰ তিনিটা অঞ্চলত বিগত কেইবাদিন ধৰি নতুনকৈ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ আজিৰ দিনটোত ঝিনজিয়াং অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত ৬১জন লোক আক্রান্ত হৈছে৷ এই আক্রান্তসকলৰ ভিতৰত অধিকাংশই স্থানীয়ভাৱে আক্রান্ত লোক৷ লক্ষণীয় যে চীনৰ চহৰসমূহত  প্রায়ভাগ লোকৰে ক’ভিড–১৯ পৰীক্ষণ প্রক্রিয়া চৰকাৰখনে আৰম্ভ কৰিছে৷ ঝিনজিয়াঙতো এনে পৰীক্ষণৰ সময়ত ৫৭জন লোক পজিটিভ হয়৷ এই আটাইখিনিয়েই স্থানীয়ভাৱে সংক্রমিত৷ অৱশ্যে আজি আক্রান্ত হোৱা চাৰিজন বহিঃদেশৰ পৰা অহা ব্যক্তিও আছে৷ যোৱা ১৪ এপ্রিলত ৮৯জন লোক আক্রান্ত হোৱাৰ পিছত আজি সর্বাধিক এদিনত ৬১জন লোক আক্রান্ত হোৱাত দেশখনত পুনৰ ক’ৰোনাৰ ভয়াৱহ ৰূপ পোহৰলৈ আহিছে৷

You might also like