নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰঘুলি আৰু ভূৰবন্ধাত চলিত বৰ্ষৰ মে’ মাহৰ পৰা এই অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। উল্লেখ্য যে ২০১৬ চনৰ পৰা বৰঘুলি আৰু ভূৰবন্ধাত খহনীয়া অব্যাহত আছে। খহনীয়াই বিগত চাৰিটা বছৰত অঞ্চলটোত খহনীয়াই ব্যাপক ক্ষতি সাধন কৰিছে চাৰিটা বছৰত খহনীয়াৰ ফলত ২৩ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমি, ঘৰ-দুৱাৰ, বহুকেইখন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, কেইবাটাও মন্দিৰ, মছজিদ, সমূহীয়া ভৱন, মাদ্ৰাছা, উপ-স্বাস্থ্য কেন্দ্ৰ, বহু কেইখন অঙ্গনৱাদি কেন্দ্ৰ, ৰাস্তা-ঘাট, দোকান-পোহাৰ আদি। যাৰফলত গৃহহীন, ভূমিহীন আৰু আশ্ৰয়হীন হৈ পৰিছে কেইবা হেজাৰ লোক। পৰিতাপৰ কথা এয়ে যে, বিগত চাৰি বছৰ ধৰি খহনীয়াই ঘৰ মাটি ভেটি খহাই সৰ্বস্বান্ত কৰি ৰাতিৰ ভিতৰতে পথৰ ভিক্ষাৰীত পৰিণত কৰা সকলৰ পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থাই আজি লৈকে চৰকাৰে নকৰিলে। আনকি খহনীয়াত সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ জৰীপ আজিলৈকে নহল।
চলিত বৰ্ষৰ মে’ মাহত কলিয়াবৰৰ বৰঘূলীৰ সাত নং বৰঘূলী চৰকাৰী প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্রত সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যালয় খনৰ গাতে লাগি থকা ১২০ বছৰীয়া পুৰণি মছজিদটিও নদীয়ে খহাই নিয়ে। ২৭ জুলাত খহনীয়াই ভুৰবন্ধাৰ চৰকাৰী বীৰ চিলাৰায় প্ৰাথমিক বিদ্যালয়, ভুৰবন্ধা এম ই মাদ্ৰাছা, আৰু শতবৰ্ষ গৰকা ঐতিহাসিক ভুৰবন্ধা লাল মছজিদটিও নদীয়ে খহাই নিয়ে। তাৰোপৰি এই অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান বৰঘূলী হাই মাদ্ৰাছাৰ লগতে ভোৰবন্ধা বজাৰ এম ই স্কুল, বজাৰ প্ৰাথমিক বিদ্যালয় আৰু বৰঘূলী বালিকা মুক্তাব বিদ্যালয়লৈ খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। তিনি চাৰি বছৰ পূৰ্বে দহ/বাৰ কিলোমিটাৰ দূৰত্বত থকা ব্ৰহ্মপুত্ৰ নদী এতিয়া স্কুল কেইখনৰ পৰা আধা কিলোমিটাৰ দূৰত্বত আহি অৱস্থান কৰিছেহি। আনকি বৰঘূলী বজাৰলৈকেও ভাবুকি কঢ়িয়াই আনিছে।
বৰঘুলি অঞ্চলত আজিও খহনীয়া অব্যাহত থকাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। ইপিনে কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শিলঘাটৰ ৰবৰ বাৰীত খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে। উল্লেখ্য যে ৰবৰবাৰী অঞ্চলত বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন কৰাৰ পিছতো জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ৰবৰবাৰী অঞ্চলত খহনীয়াই পুনৰ তাণ্ডৱ সৃষ্টি কৰিছে। ৰবৰবাৰীৰ ওচৰত থকা শিলঘাটৰ ফেৰীঘাটৰো ক্ষতি সাধন কৰিছে খহনীয়াই। উল্লেখ্য যে কলিয়াবৰৰ শিলঘাটৰ সমীপৰ বিহডুবি, গাগল মাৰী, গাখীৰ খাইটি, ভোজখোৱা চাপৰিকে ধৰি কেইবাখনো গাঁৱত ইতিপূৰ্বে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে। ফলত ১০ খনৰো অধিক গাঁও, শিক্ষানুষ্ঠান, নামঘৰ, বজাৰ আদি ব্ৰহ্মপুত্রত জাহ গৈছে।