নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএনইউৰ ‘কা’বিৰোধী আন্দোলনত অংশ ল’বলৈ অভিনেত্রী দীপিকাক ৫ কোটি দিছিল পাকিস্তানী এজেণ্টে

নিয়মীয়া বাৰ্তা,২৯ জুলাই: বলীউডৰ সৈতে পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ সম্পর্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে ৰ’ৰ অৱসৰপ্রাপ্ত বিষয়া এন কে সুদে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে৷ যি অভিযোগে খলকনি তুলিছে বলীউডৰ লগতে সমগ্র দেশত৷ এন কে সুদে উত্থাপন কৰা অভিযোগ মতে, পাকিস্তানী এজেণ্ট আনীল মুছাৰাটে বলীউডৰ জনপ্রিয় অভিনেত্রী দীপিকা পাডুকনক ৫ কোটি টকা দিছিল৷ পাকিস্তানী এজেণ্টজনে জে এন ইউত এই বছৰৰ আৰম্ভণিতে হোৱা ‘কা’বিৰোধী আন্দোলনত অংশগ্রহণ কৰাৰ বাবে অভিনেত্রী দীপিকাক এই বিশাল পৰিমাণৰ ধন আগবঢ়াইছিল৷ ৰ’ৰ অৱসৰপ্রাপ্ত বিষয়া সুদে এক ভিডিঅ’যোগে এই বিস্ফোৰক তথ্য প্রকাশ কৰিছে৷ তেওঁ লগতে প্রকাশ কৰিছে যে ইতিমধ্যে এনফ’চমেণ্ট ডিৰেক্টৰেটৰে পাকিস্তানী এজেণ্টে অভিনেত্রী দীপিকাক ধন আগবঢ়োৱা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷

আনকি এই সন্দর্ভত কেন্দ্রীয় চৰকাৰেও মহাৰাষ্ট্র চৰকাৰক অৱগত কৰাইছে৷ স্মর্তব্য যে যোৱা ৯ জানুৱাৰীত দীপিকাই জে এন ইউত ‘কা’বিৰোধী আন্দোলনত অংশগ্রহণ কৰিছিল৷ উল্লেখ্য যে যোৱা কিছুদিন ধৰি বলীউডৰ চেলিব্রিটীসকলে বিদেশত সম্পত্তি ক্রয় কৰাৰ উৎসৰ তদন্ত কৰি আছে ইডিয়ে৷ এই তদন্তৰ ফলতে দীপিকাই ‘কা’বিৰোধী আন্দোলনত অংশ লোৱাৰ বিনিময়ত পাক এজেণ্টৰ পৰা ৫ কোটিকৈ টকা লোৱাৰ তথ্য পোহৰলৈ আহিছে বুলি দাবী কৰিছে এন কে সুদে৷ অৱশ্যে ৰ’ৰ অৱসৰপ্রাপ্ত বিষয়াগৰাকীৰ এই বিস্ফোৰক তথ্য সন্দর্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে ইডি অথবা আন কোনো চৰকাৰী এজেঞ্চীয়ে সত্যাসত্য সম্পর্কত কোনোধৰণৰ মন্তব্য কৰা নাই৷

You might also like