- কয়লা এৰি এইবাৰ থলুৱা ব্যৱসায়ীক টাৰ্গেট
- ভুক্তভোগীয়ে জীৱনৰ ভিক্ষা মাগিলে সামাজিক মাধ্যমত
নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ সৌ-সিদিনা কয়লা ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত সংবাদ শিৰোনাম দখল কৰা এক ঘটনাই ৰাজ্যত খলকনি তোলাৰ পাছত পুনৰ আন এক বিতৰ্কৰ মাজত সাঙোৰ খাই পৰিছে দুলীয়াজানৰ এইগৰাকী বন্দুকধাৰী ‘বাইদেউ’। এইবাৰ কয়লা বেহাৰ পৰিৱৰ্তে থলুৱা ব্যৱসায়ীক সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকি প্ৰদান কৰাৰ অভিযোগত বাইদেউ সোমাই পৰিছে আইনী মেৰপেঁছত।
উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত আজি চ’চিয়েল মাধ্যম ফেইচবুকত ‘উৎপল দত্ত থলুৱা বেপাৰী’ নামৰ যুৱকজনে নিজৰ প্ৰ’ফাইলত স্পষ্টকৈ উল্লেখ কৰিছে যে যোৱা ১৩ জুলাইত অসমৰ কেইটামান আগশাৰীৰ সংবাদ গোষ্ঠীৰ চেনেল- কাকতত শিৰোনাম দখল কৰা কয়লা ছিণ্ডিকেটৰে জড়িত এগৰাকী বন্দুকধাৰী মহিলাই নিজৰ ফেইচবুক একাউন্টৰ পৰা তেওঁৰ লগতে তেওঁৰ পৰিবাৰ আৰু পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিছিল। লগতে তেওঁৰ পৰিবাৰ অসীমা হাজৰিকা দত্তৰ নাম উল্লেখ কৰি বিভিন্ন দাবী-ধমকি, ভাবুকিৰে “আমি হাত দীঘল মানুহ, তহঁতক কি কৰোঁ চাই থাক” জাতীয় শব্দৰে ৰাজহুৱাকৈ শক্তি প্ৰদৰ্শন কৰাৰ বিষয়েও যুৱকজনে উক্ত প’ষ্টটোত স্পষ্টকৈ উল্লেখ কৰিছে।
উল্লেখ্য যে বন্দুকধাৰী বাইদেউৰ এই ভাবুকিত ভীতিগ্ৰস্ত হৈ উৎপল দত্ত নামৰ যুৱকজনে যোৱা ১৪ জুলাই দিনা ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী থানাই ইতিমধ্যে ৩১৬/ ২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৬ আৰু ২৯৪ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰিছে।
ইফালে উক্ত বিতৰ্কিত বাইদেউ গৰাকীৰ প্ৰতি গদগদ এচাম অনুগামী তথা ভক্তই বাইদেউতকৈ এখোপ চেৰাই ফেইচবুকত বিভিন্ন উপ- মন্তব্যৰে উক্ত যুৱকজনৰ লগতে পৰিয়ালটোক ৰাজহুৱাভাৱে তুচ্ছ- তাচ্ছিল্য কৰি সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লগা বুলি ভুক্তভোগী যুৱকজনে অভিযোগ উত্থাপন কৰিছে। সকলো সময়তে সামাজিক মাধ্যম তথা ফেইচবুকত বিবিধ প্ৰশংসা-তোষামোদেৰে তৈলমৰ্দন কৰি থকা জাতীয় সংগঠনৰ নেত্ৰীকে ধৰি বিভিন্ন অনুগামীৰ ফেইচবুক ষ্টেটাছ আৰু উপ-মন্তব্যৰ মাজতে এগৰাকীয়ে আকৌ উৎপল দত্ত নামৰ যুৱকজনক গুলী মাৰি দিবলৈকো ৰাজহুৱাকৈ বন্দুকধাৰী বাইদেউক উচতনি দিছিল বুলি যুৱকজনৰ ভাষ্য আৰু ফেইচবুক প’ষ্টত প্ৰকাশ।
আনহাতে নিজৰ কষ্টোপাৰ্জিত ধনেৰে এটি সন্তানৰ সৈতে সুখৰ সংসাৰ চলাই অহা যুৱকজনৰ প্ৰতি কয়লা ছিণ্ডিকেটৰ লগত জড়িত বুলি অভিযোগ থকা বাইদেউৰ হঠাৎ এই আক্ৰোশ কিয়, সেই বিষয়েও জ্ঞাত নহয় বুলি জানিবলৈ দিছে ভুক্তভোগী যুৱকজনৰ লগতে পৰিয়ালটোৱে । যুৱকজনে বন্দুকধাৰী বাইদেউৰ অহৰহ ভাবুকি আৰু ভক্তগণৰ উপ-মন্তব্যত হতাশাগ্ৰস্ত আৰু শংকিত হৈ নিজৰ ফেইচবুক প্ৰ’ফাইলত অসম আৰু অসমীয়া ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰিছে- ‘আমাৰ দৰে খাটি খোৱা মানুহৰ নিজৰ জন্মভূমিতে জীয়াই থকাৰ অধিকাৰ নাই নেকি…?’
প্ৰয়োজনসাপেক্ষে প্ৰশাসনিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি সন্তান আৰু পৰিয়ালসহিতে ন্যায় ভিক্ষা মাগিম বুলিও উল্লেখ কৰিছে আইনী তথা প্ৰশাসনিক সাহাৰ্যৰ পৰা বঞ্চিত হৈ পৰা যুৱকজনে।
উল্লেখযোগ্য যে উক্ত বিতৰ্কিত মহিলা তথা বাইদেউগৰাকীয়ে পূৰ্বতেও ফেইচবুকত বিভিন্ন পক্ষৰ বিৰুদ্ধে এনেদৰে লম্ফজম্ফ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যাৰ পৰিণতিত ডিব্ৰুগড় জিলাৰ এগৰাকী স্বয়ং প্ৰশাসনিক বিষয়াই এইগৰাকী বাইদেউৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি) /২৯৪/ ৫০৫/ ৫০৬ ধাৰাৰ অধীনত ডিব্ৰুগড় থানাত ৮২৪/২০১৬ নম্বৰত পঞ্জীভূক্ত হৈ থকা গোচৰটো অদ্যাপি চলি আছে। একেদৰে সঞ্জীৱ মজুমদাৰ নামৰ আন এজন যুৱকেও দাবী- ভাবুকি দি অহা উক্ত বন্দুকধাৰী বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪/ ২৯৪/ ৫০৬ ধাৰাৰ অধীনত দুলীয়াজান থানাত ৪৭৩/২০১৯ নম্বৰত এক গোচৰ ৰুজু হৈ আছে।
ইফালে বিতৰ্কিত এইগৰাকী বাইদেৱে হাতত উদ্যত মাৰণাস্ত্ৰ লৈ চিনেমাৰ খলনায়িকাৰ কায়দাৰে বিভিন্ন ভংগীমাত ফেইচবুকত ফটো ভাইৰেল কৰি নিজকে বাহুবলী হিচাপে প্ৰদৰ্শন কৰা কাৰ্যত বিভিন্নজনৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। বিতৰ্কিত নায়িকা এইগৰাকী বাইদেৱে মাৰণাস্ত্ৰৰ লাইচেন্স ক’ত পালে ? কোনে দিলে ? কি বেকগ্ৰাউণ্ডৰ ভিত্তিত বাইদেৱে মাৰণাস্ত্ৰৰ লাইচেন্স পাবলৈ সক্ষম হ’ল ?
আনহাতে লাইচেন্সযুক্ত হ’লেও সামাজিক মাধ্যমত বিভিন্ন ভংগীমাৰে মাৰণাস্ত্ৰ টোৱাই ফটো আপলোড কৰাটো কিমানদূৰ সমিচীন বুলিও প্ৰশ্ন উত্থাপিত হৈছে। তাৎপৰ্যপূৰ্ণ বিষয় যে বাইদেউয়ে ২০১৮ ৰ ১৬ ডিচেম্বৰ, ২০১৯ ৰ ১৮ জানুৱাৰী আৰু ২০১৯ ৰ ১৮ মাৰ্চত হাতত উদ্যত বন্দুক লৈ সামাজিক মাধ্যমত তিনিখনকৈ ফটো ভাইৰেল কৰাৰ লগতে এখনত ফটোসহ কেপচন দিছিল এনেদৰে- ‘Be Sure you positively identify your target before you pull the trigger”।
এতিয়া প্ৰশ্ন হয়, উদ্যত মাৰণাস্ত্ৰধাৰী এইগৰাকী বিতৰ্কিত বাইদেউৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কিয় নিৰ্বিকাৰ আৰু নিৰ্লিপ্ত?