মাজুলী জলসম্পদ সংমণ্ডল কাৰ্যালয় চৌহদৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে
নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ সমষ্টি মাজুলীত অসম চৰকাৰৰ ‘ৰাজ্যিক স্বঅগ্ৰাধিকাৰ উন্নয়ন পুঁজি’ৰ অধীনত গড়মূৰত অৱস্থিত জলসম্পদ বিভাগৰ নৱনির্মিত অতিথি আৱাস গৃহ আৰু মাজুলী জলসম্পদ সংমণ্ডল কাৰ্যালয় চৌহদৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে।
একেটা অনুষ্ঠানত তেখেতে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ প্ৰদান কৰে আৰু শিপিনীসকলৰ মাজত তাঁতশাল বিতৰণ কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা আৰু বিষয়ববীয়া উপস্থিত থাকে।