নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াৰ দক্ষিণ চিলাবন্ধা এলেকাৰ অন্তৰ্গত ৭০ জন সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে আজি যোগদান কৰে বিজেপিত

নিয়মীয়া বাৰ্ত‍া, ৩০ জুলাইঃ চতিয়া সমষ্টিৰ দক্ষিণ চিলাবন্ধা গাওঁ পঞ্চায়ত এলেকাৰ নিৱাসী, দক্ষিণ চিলাবন্ধা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি, নদুৱাৰ মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা নদুৱাৰ মণ্ডল কংগ্ৰেছৰ কাণ্ডাৰী কুবিৰ সিং কাৰ্কীয়ে আজি আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

স্বাস্থ্য সম্পৰ্কীয় সকলো নিৰ্দেশনা মানি, সামাজিক দূৰত্ব বজাই ৰাখি জামুগুৰিহাটৰ বাপুজী ভৱনত আয়োজিত এক অনুষ্ঠানত কুবিৰ সিং কাৰ্কীৰ নেতৃত্বত দক্ষিণ চিলাবন্ধা এলেকাৰ অন্তৰ্গত সত্তৰ জন সক্ৰিয় কংগ্ৰেছ কৰ্মী আজি বিজেপিত যোগদান কৰিছে ।

নদুৱাৰ মণ্ডল কংগ্ৰেছ অতি কষ্টৰে ধৰি ৰখা কুবিৰ সিংৰ বিজেপি আগমণে নদুৱাৰ মণ্ডল কংগ্ৰেছৰ ভেটি তচ্ নচ্ কৰি পেলালে । ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত তেওঁক উপযুক্ত সন্মান আৰু মৰ্যদা দিয়া হ’ব বুলি মন্তব্য কৰে সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলা ৰ সভাপতি দিগন্ত ঘাটোৱাৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে আৰু নতুনকৈ যোগদান কৰা এই লোক সকলক উষ্ম আদৰণি জনায় আৰু তেওঁলোকক বিজেপি দলৰ সদস্য পদ দিয়াৰ ব্যৱস্থা কৰে ।

You might also like