নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংক্ৰমণৰ মাজতে মৰিগাঁও জিলাত ত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ ৰ ব্যৱসায়

মিকিৰভেটা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুধৰ্ষ ড্ৰাগছ সৰবৰাহ কাৰী দিলদাৰ, 1 লাখ টকা মূল্যৰ হেৰইন জব্দ, আন দুজন গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ ৰ নেতৃত্বত আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিছে ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰা দুৰ্ধৰ্ষ ড্ৰাগছ হৰ বৰাহ কাৰী দিলদাৰ হুছেইন। তেওঁৰ পৰা উদ্ধাৰ হৈছে 1 লাখ টকাৰ হেৰইন। গ্ৰেপ্তাৰ আন দুজন সাদ্দাম আৰু সহাবুদ্দিন । উল্লেখ্য শেহতীয়াকৈ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী প্ৰশাসনে শূণ্য সহণশীলতাৰ নীতিৰে কঠোৰ অভিযান চলাব বুলি ঘোষণা কৰাৰ পিছতে নিচাযুক্ত দ্ৰৱ্য ৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী ৰ ব্যাপক অভিযান চলিছে। মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই দক্ষতাৰে কেবাটাও অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু কেবাটাও ড্ৰাগছ সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

You might also like