সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ প্রথম বার্ষিকীত নিশ্ছিদ্র নিৰাপত্তা
সন্ত্রাসবাদীৰ কূটাঘাতৰ আশংকা কাশ্মীৰত
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ প্রথম বর্ষপূর্তিত কাশ্মীৰত অস্থিৰতা সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি জম্মু–কাশ্মীৰ প্রশাসনে দুদিনৰ বাবে বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰিছে৷ উল্লেখনীয় যে বিচ্ছিন্নতাবাদী সংগঠনসমূহৰ লগতে পাকিস্তানী মদতপুষ্ট সন্ত্রাসবাদীয়ে ৫ আগষ্টৰ দিনটো কাশ্মীৰত ‘ক’লা দিৱস’ হিচাপে উদ্যাপনৰ সংকল্প লৈছে৷ গতিকে এই সময়ছোৱাত জম্মু–কাশ্মীৰত সন্ত্রাসবাদীয়ে কূটাঘাত সংঘটিত কৰিব পাৰে বুলি আশংকা কৰিছে প্রশাসনে৷ ইতিমধ্যে চোৰাংচোৱাই শ্রীনগৰকে ধৰি বিভিন্ন স্থানত সন্ত্রাসবাদীয়ে কূটাঘাতৰ পৰিকল্পনা কৰা বুলি তথ্য লাভ কৰিছে৷ গতিকে কাশ্মীৰ উপত্যকাত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্রশাসনে৷ স্মর্তব্য যে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ উপৰি উপত্যকা প্রদেশখনক দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰিছিল৷ তেতিয়াৰে পৰা জম্মু–কাশ্মীৰত ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ আছে৷ আনকি বহু ৰাজনীতিকক গ্রেপ্তাৰ কৰি প্রশাসনে পৰিস্থিতি নিয়ন্ত্রণৰ প্রচেষ্টা চলাই আহিছে৷