নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থলসেনাত মহিলা বিষয়াক স্থায়ী কমিছনৰ প্রক্রিয়া

প্রতিৰক্ষা মন্ত্রালয়ৰ অনুমোদনৰ পাছতে মুখ্য কার্যালয়ৰ তৎপৰতা

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ   স্থলসেনাত মহিলা বিষয়াক স্থায়ী কমিছন প্রদান কৰাৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ যোৱা ২৩ জুলাইত প্রতিৰক্ষা মন্ত্রালয়ে আনুষ্ঠানিকভাৱে এইক্ষেত্রত অনুমোদন জনাইছে৷ ইয়াৰ ফলত স্থলসেনাত মহিলা বিষয়াসকলে অধিক ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’ব৷ মহিলা সেনা বিষয়াৰ সবলীকৰণৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিব বুলি আজি স্থলসেনাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ স্থলসেনাৰ মুখ্য কার্যালয়ে ইতিমধ্যে স্থায়ী কমিছন প্রদানৰ ক্ষেত্রত যাৱতীয় প্রক্রিয়া আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে মহিলা বিষয়াসকলক স্থায়ী কমিছনৰ বাবে বাছনি কৰিবলৈ এক ব’ড গঠন কৰিছে সেনা মুখ্য কার্যালয়ে৷ লক্ষণীয়ভাৱে এইক্ষেত্রত মহিলা বিষয়াসকলে ব’ডৰ ওচৰত নির্দেশাৱলী মানি চলি আবেদন জনাব লাগিব বুলি এগৰাকী মুখপাত্রই সংবাদ মাধ্যমক জনাইছে৷ স্থায়ী কমিছনৰ বাবে সেনাত মহিলাৰ বিশেষ প্রৱেশ আঁচনিৰ অধীনত যোগদান কৰা বিষয়াসকল যোগ্য বুলি বিবেচিত হ’ব৷ আগন্তুক ৩১ আগষ্টৰ ভিতৰত এই বিষয়াসকলক সেনাৰ মুখ্য কার্যালয়লৈ আবেদন প্রেৰণৰ আহ্বান জনোৱা হৈছে৷

You might also like