নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই গুৱাহাটীতে… মমৰ প্রলেপ সনা আপেল খাই আছে নেকি আপুনি?

জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াইছে সুস্বাদু আপেলে, কাণসাৰ নাই বিভাগীয় কর্তৃপক্ষৰ

নিয়মীয়া বার্তা, ৫ আগষ্টঃ স্বাস্থ্য ৰক্ষাৰ বাবে ফলমূল অত্যন্ত প্রয়োজনীয়৷ কিন্তু সুস্বাদু ফলমূলে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷

গুৱাহাটীৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ পৰা অহা আপেল, আম, নাচপতি, মধুৰীআম, প্লাম আদিকে ধৰি বিভিন্ন ধৰণৰ ফলমূলত ৰাসায়নিক আৰু পেট্র’লিয়ামজাত সামগ্রী মিহলাই বিক্রী কৰি আহিছে৷ কেৱল মুনাফা লাভৰ স্বার্থত ফলমূল সতেজ কৰি ৰাখিবলৈ ৰাসায়নিক আৰু পেট্র’লিয়ামজাত সামগ্রী মিহলাই জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷

বিশেষকৈ আপেলত মমৰ প্রলেপ সানি বহু দিন ধৰি সতেজ কৰি ৰাখি গুৱাহাটীৰ বজাৰত বিক্রী কৰিছে অসাধু ব্যৱসায়ীয়ে৷ গুৱাহাটীৰ ফাঁচী বজাৰ, আদাবাৰীৰ কেইজনমান অসাধু ফলমূলৰ ব্যৱসায়ীয়ে আপেলত মমৰ প্রলেপ সনাৰ লগতে ৰাসায়নিক পদার্থ মিহলাই অন্যান্য ফলমূল সতেজ কৰি ৰখাৰ চেষ্টা চলাইছে৷

উল্লেখ্য, গুৱাহাটীৰ বহু ফলমূলৰ ব্যৱসায়ীয়ে খাদ্য সুৰক্ষা বিভাগৰ পৰা অনুজ্ঞাপত্র লোৱা নাই৷ খাদ্য সুৰক্ষা বিভাগৰ হেমাহি আৰু ব্যৱসায়ীৰ বিভাগীয় বিষয়াৰে থকা গোপন মিতিৰালিৰ বাবে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি বৰবিহ মিহলাই ফলমূল বিক্রী কৰিছে অসাধু ব্যৱসায়ীয়ে৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্রাধিকৰণৰ নির্দেশনা অনুসৰি ফলমূলত হ’নিৱেক্স ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু পেট্র’লিয়ামজাত সামগ্রী, মম, ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰি ফলমূল সতেজ কৰি ৰখাৰ ক্ষেত্রত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্রাধিকাৰীয়ে নিষেধাজ্ঞা জাৰি কৰি থৈছে৷

ইয়াৰ পাছতো ব্যৱসায়ীসকলে কেনেদৰে ফলমূলত মমৰ প্রলেপ ব্যৱহাৰ কৰি বিক্রী কৰি আহিছে সেয়া তদন্ত কৰিলে পোহৰলৈ আহিব৷ ফলমূল বিক্রী কৰা প্রতিজন ব্যৱসায়ীয়ে খাদ্য সুৰক্ষা বিভাগৰ পৰা অনুজ্ঞাপত্র লোৱাটো বাধ্যতামূলক৷

কিন্তু গুৱাহাটীৰ আদাবাৰীৰ এন জি মহাজন, আবেদন মহাজন, ফাঁচী বজাৰৰ বি আৰ ফ্রুইটছ ষ্টোৰ, বাবা ফ্রুইটছ এজেঞ্চীকে ধৰি প্রায় ৫০জন ফলমূলৰ পাইকাৰী ব্যৱসায়ী আছে৷ এই ব্যৱসায়ীসকলে অনুজ্ঞাপত্র অবিহনেই বছৰৰ পাছত বছৰ ধৰি ফলমূলৰ ব্যৱসায় চলাই আহিছে৷

You might also like