পৰমাণু অস্ত্র নির্মাণত অগ্রগতি উত্তৰ কোৰিয়াৰ, ৰাষ্ট্রসংঘৰ প্রতিবেদনৰ তথ্য
নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম–জং–উনে কোৰিয়া যুদ্ধৰ ৬৭সংখ্যক বার্ষিকীত দেশখনৰ পৰমাণু অস্ত্রই নিৰাপত্তা নিশ্চিত কৰিব বুলি ঘোষণা কৰাৰ পাছতে ৰাষ্ট্রসংঘই এক প্রতিবেদনত আশংকা কৰিছে যে কট্টৰ কমিউনিষ্ট দেশখনে ইতিমধ্যে পৰমাণু অস্ত্র নির্মাণ সম্পূর্ণ কৰি তুলিছে৷
ৰাষ্ট্রসংঘৰ নিষেধাজ্ঞা নিৰীক্ষক এখন স্বতন্ত্র কমিটীৰ বিশেষজ্ঞসকলে আশংকা কৰিছে যে উত্তৰ কোৰিয়াই অন্তিম ছটা পৰমাণু পৰীক্ষাৰ জৰিয়তে এই বোমাৰ ডিভাইচ নির্মাণ কৰিবলৈ সক্ষম হৈছে৷
২০১৭ৰ ছেপ্টেম্বৰৰ পৰা উত্তৰ কোৰিয়াই কোনোধৰণৰ পৰমাণু পৰীক্ষা চলোৱা নাই বুলি ঘোষণা কৰি আহিছে যদিও বেলিষ্টিক ক্ষেপণাস্ত্রত পৰমাণু বিস্ফোৰক কঢ়িয়াব পৰা ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে দেশখনে৷
অর্থাৎ ৰাষ্ট্রসংঘৰ বিশেষজ্ঞসকলৰ মতে ইতিমধ্যে উত্তৰ কোৰিয়াই পৰমাণু অস্ত্র নির্মাণৰ ক্ষেত্রত বিশেষ অগ্রগতি লাভ কৰিছে৷ কিন্তু এই সন্দর্ভত নিৰাপত্তা পৰিষদে সবিশেষ তথ্য সদৰী কৰা নাই৷