নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত চি বি আইৰ হাতলৈ সুশান্ত সিঙৰ মৃত্যুৰ তদন্ত…

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত চি বি আয়ে কৰিব। মঙলবাৰে বিহাৰ চৰকাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছিল।কেন্দ্ৰীয় চৰকাৰে এই অনুৰোধ স্বীকাৰ কৰিছে।

আজি উচ্চতম ন্যায়ালয়ত মহাধিবক্তা তুষাৰ মেহতাই ন্যায়ালয়ক কয় যে বিহাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক চি বি আই তদন্তৰ অনুমোদনৰ বাবে যি অনুৰোধ কৰিছিল সেই অনুৰোধ স্বীকাৰ কৰিছে। আনহাতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেষ ৰায় পীঠে কয় অভিনেতাজনৰ ৰহস্যজনক মৃত্যুৰ কাৰণ সন্মুখলৈ আহিব লাগে। এইটো তদন্তৰ বিষয়।

উল্লেখ্য যে সুশান্তৰ ৰাজপুতৰ পিতৃয়ে আত্মহত্যাৰ বাবে বাধ্য কৰাইছে বুলি বলিউদৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে পাটনাত এজাহাৰ দাখিল কৰিছিল। চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত পাটনা আৰক্ষীৰ সলনি মুম্বাই আৰক্ষীয়ে তদন্ত কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

You might also like