নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱাক বঞ্চনাৰে ৰঙিয়াত বহিঃৰাজ্যৰ ৩৫জন যুৱকক নিযুক্তি

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ নিযুক্তিত থলুৱাক বঞ্চনা কৰি বহিঃৰাজ্যৰ যুৱকক অগ্রাধিকাৰ দিয়াৰ বিৰুদ্ধে ৰঙিয়া মাণ্ডলিক ৰে’ল প্রবন্ধকৰ কার্যালয়ৰ সন্মুখত বুধবাৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে আছুৱে৷ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ শতাধিক কর্মীয়ে কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেলৰ প্রতিমূর্তি দাহ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ প্রতিবাদকাৰীসকলে ৰে’ল বিভাগ হায় হায়, ৰে’লমন্ত্রী মুর্দাবাদ, ৰে’ল বিভাগত বহিৰাগতৰ দপদপনি নচলিব, ৰে’লৰ গ্রুপ ‘চি’ আৰু ‘ডি’ পদত থলুৱাক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক, অসমবিদ্বেষী চক্র হুচিয়াৰ আদি শ্লোগানেৰে ৰঙিয়া মাণ্ডলিক ৰে’ল প্রবন্ধকৰ কার্যালয় কঁপাই তোলে৷ প্রতিবাদস্থলীত উপস্থিত থকা আছুৰ জিলা সম্পাদক হেমন্ত দাসে অভিযোগ কৰা মতে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ শিলিগুৰি ৰে’ল ৰিক্রুটমেণ্ট ব’ডৰ জৰিয়তে সহকাৰী লোক’ পাইলট পদবীত ৰঙিয়া ৰে’ল সংমণ্ডলত ৩৫জন বহিঃৰাজ্যৰ যুৱকক নিযুক্তি প্রক্রিয়া প্রায় সম্পূর্ণ কৰি তুলিছে৷ ইতিমধ্যে বহিঃৰাজ্যৰ যুৱককেইজনে ৰঙিয়াত যোগদান কৰাৰ বাবে অহাৰ পাছত ক’ভিডৰ নিয়ম অনুসৰি তেওঁলোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে লামডিং সংমণ্ডলতো থলুৱাক বঞ্চনা কৰি ৭০জন বহিঃৰাজ্যৰ প্রার্থীক চাকৰি দিয়া হৈছে৷ যি সময়ত দীর্ঘদিনীয়া লকডাউনৰ বাবে ৰাজ্যৰ লাখ লাখ যুৱকে সংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়তে স্থানীয় নিবনুৱা যুৱক–যুৱতীক বঞ্চিত কৰি ৰে’ল মন্ত্রালয়ে বহিঃৰাজ্যৰ যুৱকক অতি কৌশলেৰে অসমত নিযুক্তি দিয়া কার্যক ছাত্র নেতা দাসে ধিক্কাৰ দিয়ে৷ শীঘ্রে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বাবে এক সুকীয়া নিয়োগ মণ্ডল গঠন কৰি ৰে’লৰ তৃতীয় আৰু চতুর্থবর্গৰ পদত থলুৱাক নিযুক্তি দিবলৈ প্রতিবাদকাৰীসকলে দাবী জনায়৷ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত শর্মা, সম্পাদক মৃণ্ময় কুমাৰ ডেকা, জিলা কার্যালয় সম্পাদক আদিল হাচান, কার্যনির্বাহক তৌফিকুৰ ৰহমান, মহকুমা ছাত্র সন্থাৰ শিক্ষা সম্পাদক নিউটন কলিতা, কার্যালয় সম্পাদক জিতু ডেকা, সাহিত্য সম্পাদক বুবুল আলী আদিয়ে আজিৰ এই প্রতিবাদী কার্যসূচীৰ নেতৃত্ব প্রদান কৰে৷

You might also like