নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ প্রভাৱ নিৰূপণ অধিসূচনাৰ বিৰোধিতা

কেন্দ্রীয় চৰকাৰলৈ ছাত্র সন্থাৰ পত্র

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ সদৌ অসম ছাত্র সন্থাই কেন্দ্রীয় চৰকাৰে অলপতে প্রকাশ কৰা পৰিৱেশ প্রভাৱ নিৰূপণ অধিসূচনা ২০২০ খচৰাখনৰ তীব্র বিৰোধিতা কৰি কেন্দ্রীয় চৰকাৰৰ ওচৰত স্মাৰক–পত্র দাখিল কৰিছে৷ এই সম্পর্কে এটা বিবৃতিত সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ভাৰতৰ সংবিধানে কেন্দ্রীয় চৰকাৰৰ ওপৰত পৰিৱেশ সংৰক্ষণ আৰু উন্নত কৰিবলৈ দেশৰ বনাঞ্চল আৰু বন্যপ্রাণী সংৰক্ষিত কৰিবলৈ সাংবিধানিক দায়িত্ব অর্পণ কৰিছে৷ প্রকাশ কৰা খচৰাখনৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে এই দায়িত্ব পালন কৰিবলৈ অস্বীকাৰ কৰিছে৷ উদ্যোগ স্থাপনৰ প্রক্রিয়াটো সৰল কৰাৰ নামত কেন্দ্রীয় চৰকাৰে পৰিৱেশ, বনাঞ্চল আৰু বন্যপ্রাণীৰ সংৰক্ষণৰ বিষয়টো আওকাণ কৰিছে৷ ছাত্র সন্থাই এনে দৃষ্টিভংগীৰ তীব্র প্রতিবাদ কৰিছে৷ ছাত্র সন্থাৰ স্পষ্ট দৃষ্টিভংগীটো হ’ল যে পৰিৱেশ, বনাঞ্চল আৰু বন্যপ্রাণী ধ্বংস নকৰাকৈ দেশৰ প্রগতিত নিশ্চিত কৰিব পাৰিব৷ উক্ত খচৰাখনে অঞ্চলটোৰ জলবায়ুৰ অনিষ্ট সাধন কৰিব৷ কেন্দ্রীয় চৰকাৰৰ খচৰাখনত অতি আচৰিত ধৰণে সংযোজন কৰা এটা দফা হ’ল– উদ্যোগ স্থাপনৰ পিছতো পৰিৱেশ সম্পর্কীত অনুমতি ল’ব পাৰিব৷ আজি বহুদিন ধৰি কেন্দ্রীয় চৰকাৰে জনসাধাৰণৰ মতামতক সম্পূর্ণৰূপে অবজ্ঞা কৰি আহিছে৷ ছাত্র সন্থাই কেন্দ্রীয় চৰকাৰক জানিবলৈ দিছে যে যিকোনো উদ্যোগৰ যিকোনো পর্যায় সম্প্রসাৰণৰ পূর্বে পৰিৱেশ সম্পর্কীয় অনুমতি আৰু জনসাধাৰণৰ মতামত ল’ব লাগিব৷ ৰাজ্যখনৰ ভিতৰত যিকোনো ঠাইতে স্থাপন কৰিব বিচৰা যিকোনো উদ্যোগৰ ক্ষেত্রত জনসাধাৰণৰ মতামত ল’বই লাগিব৷ সেইদৰে যিকোনো নদীক জড়িত কৰি হাতত ল’ব বিচৰা প্রকল্পৰ বিষয়েও জনসাধাৰণে মত দিয়াৰ অধিকাৰ থাকিব লাগিব৷ বিবৃতিটোত আছু নেতৃত্বই কয় যে ৰাষ্ট্রসংঘৰ নিয়মাৱলীতো জনসাধাৰণৰ মতামত গ্রহণৰ সুবিধা অন্তর্ভুক্ত হৈ আছে৷ কেন্দ্রীয় চৰকাৰৰ খচৰাখনে ৰাষ্ট্রসংঘৰ নিয়মাৱলী উলংঘা কৰিছে৷ অতি আচৰিত ধৰণে কেন্দ্রীয় চৰকাৰে সকলো অধিকাৰ জনসাধাৰণৰ পৰা কাঢ়ি নিজৰ হাতলৈ নিছে৷ আনকি বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত কোনোধৰণৰ জৰীপ নোহোৱাকৈ অনুমতি দিয়াৰ ক্ষমতাও খচৰাখনে চৰকাৰক দিছে৷ স্মাৰক–পত্রখনৰ শেষত প্রধানমন্ত্রীৰ অষ্টলক্ষ্মীৰ আচল উদ্দেশ্য খচৰাখনে উদঙাই দিয়া বুলি ছাত্র সন্থাই মত প্রকাশ কৰিছে৷ সন্থাই কয় যে কেন্দ্রীয় চৰকাৰে অসমৰ সম্পদসমূহৰ ওপৰতহে চকু দিছে অসমৰ জনসাধাৰণৰ আৰু বনাঞ্চল, বন্যপ্রাণীৰ জীৱনৰ প্রতি কোনো আগ্রহ নাই৷ খচৰাখনে এইটোও উদঙাই দিছে যে প্রধানমন্ত্রীয়ে কিয় বাৰে বাৰে অঞ্চলটোক দেশৰ উন্নয়নৰ ইঞ্জিন বুলি অভিহিত কৰে৷ ছাত্র সন্থাই খচৰাখন কার্যকৰী কৰিলে জনসাধাৰণৰ সহযোগত ইয়াত বাধা দিয়া হ’ব বুলি সকীয়াই দিছে৷

You might also like