নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিকৰ বিৰুদ্ধে ভাৰাতীয়াৰ সামগ্রী লুটৰ অভিযোগঃ গোচৰ ৰুজু

পূব শৰণীয়াত ভাৰাতীয়া–ঘৰৰ মালিকৰ সংঘাত

নিয়মীয়া বার্তা, ৮ আগষ্টঃ মহানগৰীৰ পূব শৰণীয়াৰ ভাৰাঘৰৰ মালিকৰ কর্মকাণ্ডই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভাৰাতীয়াৰ অগোচৰে তলা ভাঙি যাৱতীয় সামগ্রী ঘৰৰ গৰাকীয়ে অন্য লোকক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

প্রাপ্ত তথ্য মতে, পূব শৰণীয়াৰ শংকৰদেৱ পথৰ ৩২নং বাসগৃহত ব্যৱসায়ী ৰিবু কলিতাই যোৱা ফেব্রুৱাৰী মাহৰ পৰা আশ্রয় লৈ আছিল৷ ভাৰাতীয়া কলিতাই অভিযোগ কৰা মতে, তেওঁ ভাৰা লোৱাৰ সময়তে ঘৰৰ মালিকক ১৮ হাজাৰ টকা আগধন জমা দিয়ে৷

তদুপৰি, যোৱা ফেব্রুৱাৰী আৰু মার্চ মাহৰ ভাৰা আদায় দিয়াৰ পাছত লকডাউনৰ বাবে ব্যৱসায় বন্ধ হৈ পৰাত ভাৰাতীয়া কলিতাই গাঁৱৰ ঘৰলৈ গুচি যায়৷ মাজতে ভাৰা বিচাৰি মালিকে তেওঁক ফোন কৰাত আগধনৰ পৰা কাটি ল’বলৈ ঘৰৰ মালিকক জনায়৷

কিন্তু তাকে নকৰি ঘৰৰ মালিকে কোঠালিটোৰ তলা ভাঙি সামগ্রীসমূহ আন এজন লোকক গতাই দিয়ে৷ পাছত যোৱা তিনি আগষ্টত তেওঁ ভাৰাঘৰলৈ ঘূৰি আহি নিজৰ কোঠাৰ সামগ্রী নেদেখি হতভম্ব হৈ পৰে৷ ঘটনা সন্দর্ভত ভাৰাতীয়াজনে চানমাৰি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

ইপিনে, ঘৰৰ গৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰি ভাৰাতীয়া হিচাপে থকা ব্যৱসায়ীজনৰ সম্পর্কীয় লোকক সামগ্রীখিনি গতাই দিয়া বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

You might also like