নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রাহকৰ সেৰেঙা উপস্থিতি হোটেল–ধাবাত, মালিকৰ হাহাকাৰ

ক’ৰোনাকালত বন্ধ হৈছে মহানগৰীৰ ৩০ শতাংশ ৰেষ্টুৰেণ্ট

নিয়মীয়া বার্তা, ৮ আগষ্টঃ ক’ৰোনাকালত গুৱাহাটী মহানগৰীৰ একাংশ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ হৈ পৰাত হাজাৰ হাজাৰ কর্মচাৰীৰ জীৱনলৈ নামি আহিছে অমানিশা৷ দীর্ঘদিনীয়া লকডাউন তথা আনলক প্রক্রিয়াত ব্যৱসায়ীৰ লগতে ইয়াৰ সৈতে জড়িত থকা অধিকাংশ কর্মচাৰীৰ জীৱিকা অচল হৈ পৰা পৰিলক্ষিত হৈছে৷

বিশেষকৈ ক’ৰোনাকালত মহানগৰীৰ হোটেল–ৰেষ্টুৰেণ্ট দীর্ঘদিন ধৰি বন্ধ থকাৰ বাবে ইয়াৰ লগত জড়িত শ শ কর্মচাৰীৰ পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ শেহতীয়াকৈ চৰকাৰ–প্রশাসনে বিশেষ নীতি–নিয়মৰ মাজত ৰেষ্টুৰেণ্টসমূহ খোলাৰ অনুমতি প্রদান কৰিছে যদিও গ্রাহকৰ অভাৱত ব্যৱসায় অচল হৈ পৰা বুলি সদৌ অসম ৰেষ্টুৰেণ্ট সংস্থাৰ এক সূত্রই জানিবলৈ দিছে৷

এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি সংস্থাৰ উপদেষ্টা অতুল লহকৰে কয় যে চৰকাৰ–প্রশাসনে পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ দীর্ঘদিনৰ অন্তত ৰেষ্টুৰেণ্টসমূহ খোলাৰ অনুমতি প্রদান কৰিছে৷ চৰকাৰে বান্ধি দিয়া নীতি–নিয়মৰ মাজতে ৰেষ্টুৰেণ্টসমূহ খোলা হৈছে যদিও মাত্র ১০ শতাংশ গ্রাহকহে উপস্থিত হোৱা পৰিলক্ষিত হৈছে৷

ফলত ব্যৱসায় একপ্রকাৰ অচল হৈ পৰিছে৷ তেওঁ লগতে কয় যে ক’ৰোনাকালত গুৱাহাটী মহানগৰীৰ ৩০ শতাংশ ৰেষ্টুৰেণ্ট বন্ধ হৈ পৰিছে আৰু বহুতো ৰেষ্টুৰেণ্ট–ধাবা অনাগত দিনত বন্ধ হোৱাৰ উপক্রম হৈছে৷ মহানগৰীৰ প্রায় ডেৰ হাজাৰ ৰেষ্টুৰেণ্টত কর্মৰত শ শ কর্মচাৰীৰ পৰিয়াল পোহপাল দিয়াত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷

প্রতিখন ৰেষ্টুৰেণ্টত ১০–১৫জন কর্মচাৰী আছিল যদিও প্রতিষ্ঠানসমূহ অচল হৈ পৰাত কর্মচাৰীসকল সংকটত পৰিছে৷ কেৱল সেয়াই নহয়, ইয়াৰ লগত জড়িত বহুতো অসংগঠিত শ্রমিকৰো উপার্জনৰ পথ বন্ধ হৈ পৰিছে৷ সেয়েহে ৰেষ্টুৰেণ্ট উদ্যোগ পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক সংস্থাৰ তৰফৰ পৰা আহ্বান জনাইছে৷

You might also like