নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডাল ৰঙা সাপ… ৮৪ বছৰৰ পিছত ৰঙা কাক্রি সাপডাল উদ্ধাৰ হ’ল উত্তৰাখণ্ডত

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ হিমালয়ৰ পাদপথত থকা উত্তৰাখণ্ডত বন বিভাগৰ বিষয়াই উদ্ধাৰ কৰিছে এক দুষ্প্রাপ্য প্রজাতিৰ ৰক্তাভ ক’ৰেল কাক্রি সাপ এডাল৷

অৱশ্যে এই সাপ বিষাক্ত নহয়৷ কেঁচু, বিভিন্ন প্রজাতিৰ পোক, বেং আদি ভক্ষণ কৰা এই সাপডাল নাইনিটাল জিলাৰ অৰণ্যত উদ্ধাৰ কৰা বুলি ঘোষণা কৰিছে বন বিভাগৰ বিষয়াই৷

নাইনিটালৰ বিন্দুখাট্টা অঞ্চলৰ এটা পৰিয়ালৰ বাসগৃহত লুকাই থকা অৱস্থাত সাপডাল প্রত্যক্ষ কৰে গৰাকীয়ে৷

১৯৩৬ চনত উত্তৰ প্রদেশত প্রথমবাৰলৈ দেখিবলৈ পোৱা গৈছিল এই সাপ৷ উল্লেখনীয় যে গোর্খা সম্প্রদায়ৰ কুক্রি বা ভাজলগা চুৰীৰ নামৰ পৰাই কাক্রি নামৰ উৎপত্তি হৈছে৷ বন সংমণ্ডল বিষয়া মণি ত্রিপাঠীয়ে উল্লেখ কৰা অনুসৰি হিমালয়ৰ নামনি অঞ্চলত এই সাপবিধৰ বিচৰণ আছিল৷

কিন্তু ৮৪ বছৰ ধৰি উত্তৰাখণ্ডত ইয়াক কোনেও দেখা নাছিল৷ শেহতীয়াকৈ সাপডাল উদ্ধাৰৰ পাছতে বিষয়টোক লৈ চর্চা চলিছে৷

You might also like