ৰাষ্ট্রসংঘ ঘোষিত সন্ত্ৰাসবাদীয়ে দিব ভাষণ, ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ বর্ষপূর্তিত পাকৰ আমন্ত্রণ গুলবাডিনক
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে গোলকীয় সন্ত্রাসবাদী হিচাপে পূর্বে তালিকাভুক্ত কৰা গুলবাডিন হেকমাটায়াৰক জম্মু–কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ বর্ষপূর্তি উপলক্ষে ভাষণ দিবলৈ আমন্ত্রণ জনাইছে পাকিস্তানে৷
উল্লেখনীয় যে ৯০ৰ দশকটোত আফগানিস্তানৰ গৃহযুদ্ধৰ সময়ত হেকমাটায়াৰক পাকিস্তানে সমর্থন কৰিছিল৷ আফগানিস্তানত থকা পাক দুতাবাসে হেকমাটায়াৰৰ সৈতে কাশ্মীৰ বিষয়টো সন্দর্ভত এক ভার্চুৱেল বৈঠকো অনুষ্ঠিত কৰিছে৷
কাবুলৰ কচাই হিচাপে পৰিচিত হেকমাটায়াৰক এজন কুখ্যাত সন্ত্রাসবাদী হিচাপে বিভিন্ন সময়ত চিহ্ণিত কৰিছিল হোৱাইট হাউছ প্রশাসনে৷ তাৎক্ষণিকভাৱে ভাৰতে অৱশ্যে এই বিষয়টোত প্রতিক্রিয়া প্রকাশ কৰা নাই৷