বৰ্তমান ‘আছু’ এটা ৰাজনৈতিক দলঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ বৰ্তমান আছু এটা ৰাজনৈতিক দল। এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক অপবাদ দিয়াটো নিৰ্বাচনৰ আগৰ এটা চিৰন্তন নিয়ম। আছু আগতে ৰাজনৈতিক দল নাছিল এতিয়া এটা ৰাজনৈতিক দল অথবা হোৱাৰ পথত। অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী কৰাক লৈ আছুৱে ৰাজহুৱা কৰা প্ৰতিবেদনৰ সন্দৰ্ভত এই মন্তব্য মন্ত্ৰীগৰাকীৰ।
আছুৱে এটা বিতৰ্ক কৰাৰ বাহিৰে একো নহয়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ অধিকাৰ অসম বিধান সভাৰ আছে। কেন্দ্ৰীয় চৰকাৰৰ ইয়াত কোনো ধৰণৰ অধিকাৰ নাথাকে। অসমৰ ৰাইজৰ চিন্তাক প্ৰতিয়মান কৰে অসম বিধান সভাই। যেতিয়ালৈকে অসম বিধান সভাত অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ৬নং দফাৰ ওপৰত কৰিব লগা একো নাথাকে।
বিধানসভাত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পাছতহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব। আগতীয়াকৈ ডি লিমিটেশ্যন কমিটী গঠন কৰি কেন্দ্ৰীয় চৰকৰে এই ৬নং দফাৰ ওপৰত ৬নং দফাৰ প্ৰতিবেদনৰ ওপৰত প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰিছে। ৬নং দফাৰ কমিটীয়ে লিখি থৈছে যে এই ৰিপৰ্ট দুবছৰৰ ভিতৰতহে কাৰ্যকৰী কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ ৫ মাহৰ ক্ষোভৰ কথা যি ক’লে এই সন্দৰ্ভত ৰিপৰ্ট প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কাম-কাজ আৰু বেছি ভাল হ’ল হয়। প্ৰতিবেদন প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাৰ বাহিৰে একো কৰা নাই। আমি অসম চুক্তিৰ ৬নং দফা কাৰ্যকাৰী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।