নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চিকিৎসা মহাবিদ্যালয় ডিব্রুগড়ত নার্ছৰ ১৫০ পদ খালী

ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত খালী হৈছে ১৫০টা ষ্টাফ নার্ছৰ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ষ্টাফ নার্ছৰ পদৰ বাবে প্রার্থী ভাৰতীয় নার্ছিং পৰিষদৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা বি এছ চি নার্ছিং/ জি এন এমৰ পাঠ্যক্রম সমাপ্ত কৰা হ’ব লাগিব৷ প্রার্থীৰ নাম আজ্ঞাম নার্ছেজ, মিডৱাইফৰ এণ্ড হেলথ ভিজিটৰছ কাউঞ্চিলত পঞ্জীয়নভুক্ত হোৱা থাকিব লাগিব৷

দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,৮০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ মুঠ খালী পদ ১৫০টাৰ ভিতৰত ৬১টা অসংৰক্ষিত, অ’বিচি/এম’বিচিৰ ৪০টা, ১১টা এছ চি, এছ টি (পি)ৰ ১৫টা, এছ টি (এইচ)ৰ ৮টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ মুঠ মাহৰ ভিতৰত ৬টা পদ দিব্যাংগ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dme.assam.gov.in লগইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ৮ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ১৭ আগষ্ট, ২০২০লৈ অব্যাহত থাকিব৷

You might also like