নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ঐতিহ্যক লৈ গৌৰৱান্বিত হেৰিছ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক দলৰ উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে মনোনয়ন লাভ কৰা ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে কালি আমেৰিকাবাসী ভাৰতীয় লোকসকলক সম্বোধি ভাৰতভূমিৰ ঐতিহ্যক লৈ গৌৰৱান্বিত বুলি মন্তব্য কৰিছে৷ উল্লেখনীয় যে ছিনেটৰ কমলা হেৰিছ হৈছে উপ–ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হিচাপে মনোনীত প্রথমগৰাকী ভাৰতীয় মূলৰ মহিলা৷ ভাৰতীয় মাতৃ আৰু জামাইকান পিতৃৰ সন্তান কমলা হেৰিছে আজিও মাতৃৰ হাতৰ ইদলী খাই ভাল পায়৷ ৫৫ বছৰীয়া হেৰিছে স্বাধীনতা দিৱসত ভাৰতবাসীলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰি ককাদেউতাকৰ মুখেৰে ভাৰতীয় বীৰসকলৰ বিস্ময়কৰ কাহিনী শুনিছিল বুলিও ভার্চুৱেল বৈঠকত উল্লেখ কৰিছে৷ উল্লেখনীয় ডেম’ক্রেটিক দলৰ নেচনেল কাউন্সিলে আয়োজন কৰা এই বৈঠকত উপস্থিত থাকে ডেম’ক্রেটিক ৰাষ্ট্রপতি পদৰ প্রার্থী জ’ বিডেনো৷ আমেৰিকাত থকা ভাৰতীয় লোকসকলক দেশৰ স্বাধীনতা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিয়েই নির্বাচনৰ প্রচাৰ অভিযান আৰম্ভ কৰিছে হেৰিছে৷

You might also like