আজিৰে পৰা মহানগৰীত চলিছে চিটী বাছ
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীত বলৱৎ হৈ থকা লকডাউনত কেইবাটাও শিথলতাৰে বলৱৎ হ’ল আনলক–৪৷ ৰাজ্য চৰকাৰে জাৰি কৰা এই নতুন নির্দেশনা অনুসৰি আজিৰে পৰা মহানগৰীখনৰ ৰাস্তাৰ দুয়োকাষে থকা দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠানসমূহ খুলিছে৷ ইয়াৰ পূর্বে আনলক–৩ত পথৰ সোঁফাল–বাঁওফাল নীতি প্রাধান্য দিয়া হৈছিল৷ অর্থাৎ সোমবাৰৰ পৰা শুকুৰবাৰলৈ এদিন সোঁফালে আৰু পাছৰ দিনা বাঁওফালৰ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ অনুমতি প্রদান কৰা হৈছিল৷
আনলক–৪ৰ অধীনত সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত যাত্রীবাহী বাহন আৰু আন্তঃজিলা যাতায়াৰ অনুমতি প্রদান কৰা হৈছে৷ আন্তঃজিলাত চলাচল কৰা যাত্রীবাহী বাহনসমূহে ৫০ শতাংশ যাত্রী কঢ়িয়াব পাৰিব৷ সেইদৰে ৫০ শতাংশ যাত্রীৰে আজিৰে পৰা মহানগৰীত চলিব পাৰিব চিটীবাছ ৷ এইক্ষেত্রত ক’ভিড প্রট’কল মানি চলিব লাগিব বাহনসমূহে ৷ ৰাজহুৱা পৰিবহণ সেৱাসমূহৰ ক্ষেত্রতো ৫০ শতাংশ যাত্রী কঢ়িওৱাটো বাধ্যতামূলক কৰা হৈছে৷