ছিগাৰেটৰ দৰে ভাৰতীয় মিডিয়া স্বাস্থ্যৰ বাবে হানিকাৰক- আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ মৃত্যুৰ পিছত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গল্ফ নিউজৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় নিউজ চেনেল বোৰে এতিয়া সৰ্তকীৰণ জাৰি কৰিব লাগে যে এই অনুষ্ঠান আপুনি চালে আপোনাৰ আৰু আপোনাৰ প্ৰতিযোগীৰ স্বাস্থ্যৰ হানিকাৰক হ’ব পাৰে।
লগতে উল্লেখ কৰিছে যে ভাৰতীয় চেনেলবোৰে সাধাৰণ কাহিনীবোৰ বেছিকৈ মছলা প্ৰদান কৰে। সংবাদ প্ৰতিষ্ঠানটোৱে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ উদাহৰণ দাঙি ধৰিছে।
উল্লেখ যে যোৱা সপ্তাহত এক আলোচনাত কংগ্ৰেছৰ প্ৰবক্তা জনক দেশদ্ৰোহী বুলি কোৱা হৈছিল যাৰ পৰিণতিতত অলপ সময়ৰ পিছতে প্ৰবক্তা জনৰ হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। কংগ্ৰেছৰ প্ৰবক্তা গৰাকীৰ পত্নীয়ে কয় যে প্ৰয়াত ৰাজীৱ ত্যাগীৰ অন্তিম বাক্য আছিল এই সকললোকে মোক মাৰি পেলালে। যাৰ পৰিপেক্ষিতত গল্ফ নিউজৰ পৰা এনেধৰণৰ প্ৰতিক্ৰিয়া অহা দেখা গৈছে।