অসম তৃতীয়টো প্ৰচেষ্টাত বাঘজান বিজিএন-৫ ত বি অ’ পি ষ্টেক সফল স্থাপনঃ দীঘলীয়া পৰিক্ৰমা অন্তত বাঘজান ট্ৰেজিক ঘটনা আংশিক উপশম By নিয়মীয়া বাৰ্তা On Aug 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : বিগত প্ৰায় আঢ়ৈমাহ ধৰি অব্যাহত থকা অইল ইণ্ডিয়া বাঘজান বিজিএন-৫ ৰ ট্ৰেজিক ঘটনাৱলী আজিৰ দিনটোত উপশম হোৱাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে । এবাৰ নহয় মুঠ তিনিবাৰকৈ চাৰিটাকৈ কোম্পানীৰ বিশেষজ্ঞই পূৰ্ণ্যোদ্যোমে অভিযান চলাই আজি বিজিএন-৫ ৰ কূপৰ মুখত সফলভাবে স্হাপন কৰিবলৈ সক্ষম হ’ল কেপিং বিঅ’পি ষ্টেক । আজি পুৱাভাগত প্ৰায় ৩০ ফুট ওখ ৰাইজাৰসহ বি অ’ পিটো ফ্লেঞ্জৰ (flange) সৈতে সংযোগ স্হাপন কৰি ১৬ টাকৈ নাট অথবা ষ্টাড (stud ) লগাই দিনটোৰ সফল অভিযানৰ শুভাৰম্ভ কৰে । বিশেষজ্ঞসকলে পুৱাৰে পৰা যুদ্ধকালীন তৎপৰতাৰে চলাই থকা এই সফল অভিযানৰ সমাপ্তি কৰে প্ৰায় ১২ বাজি ১৫ মিনিটত । উল্লেখযোগ্য যে বাঘজান কাণ্ডৰ সম্পূৰ্ণ ৮৩ দিনীয়া এটা দীঘলীয়া পৰিক্ৰমা অন্ততঃ যোৱা ৩১ জুলাই দিনা প্ৰথমবাৰলৈ বি অ’ পি ষ্টেক স্হাপনৰ প্ৰচেষ্টা চলাওঁতে অন্তিম মূহুৰ্তত কাৰিকৰী দূৰ্ঘটনাজড়িত কাৰণত বি অ’ পি ষ্টেক কঢ়িওৱা অ’এনজিচিৰ ক্ৰাইছিছ মেনেজমেন্ট টীমৰ এথি ৱেগন খন চেলাৰত ( celler) বাগৰি পৰে । এই দূৰ্ঘটনাত এথি ৱেগনৰ এক্সেল ভঙাৰ ফলত পৰৱৰ্তী সময়ত নতুনকৈ নিৰ্মিত এক্সেল সংযোজন আৰু এথি ৱেগনৰ বুমৰ কাৰিকৰী সংশোধন ঘটাব লগা হৈছিল। সেইদৰে কাৰিকৰী বিসংগতিৰ ফলত অইল ৱৰ্কশ্বপত এথে ৱেগনখনক পুনৰ সংশোধন কৰি যোৱা ১০ আগষ্টত বি অ’ পি স্হাপনৰ দ্বিতীয়টো প্ৰচেষ্টা চলাওঁতে কূপৰ মুখত লাগি থকা ফ্লেঞ্জখনৰ সৈতে বি অ’ পি ষ্টেকৰ শ্ৰেণীবিন্যাসৰ (alignment) সমানতা নিমিলিল । আনহাতে অপাৰেচনৰ সময়ত শ্ৰেণীবিন্যাস মিলাই থাকোঁতে ইফালে ৯ টন ওজনৰ ৰাইজাৰসহ বি অ’ পিটো ওলমাই ৰখা এথে ৱেগনৰ সৈতে যুক্ত দুডাল বুল লাইনৰ এডাল মাত্ৰাধিক উত্তাপৰ বাবে ছিঙি যায় । ফলত বি অ’ পিটো কূপৰ মুখত বহোৱাৰ পূৰ্ণ সম্ভাৱনা থকা সত্বেও কেতবোৰ কাৰিকৰীজনিত দূৰ্ঘটনাৰ ফলত অধিক বিজুতি ঘটাৰ পূৰ্বেই নিৰাপদে যথাস্হানৰ পৰা আঁতৰাই আনিব লগা হ’ল । দুটাকৈ কাৰিকৰী ভুলৰ পৰা কৌশল আয়ত্ব কৰি সেইসমূহ সংশোধন ঘটাই আজি ছিংগাপুৰ এলাৰ্ট ডিজেষ্টাৰ কোম্পানীৰ বিশেষজ্ঞদ্বয় মেথিউ কৰ্নছ আৰু মাইকেল আৰ্নেষ্ট অ’লক্ৰণৰ লগতে অইল, অ’এনজিচি আৰু শ্লামবাজাৰ প্ৰতিষ্ঠানে বাঘজান বিজিএনৰ -৫ ত সুকলমে স্হাপন কৰিলে বি অ’ পি ষ্টেক । এই সফল অভিযানৰ পাছতে বৰ্তমান বি অ’ পিৰ সৈতে সংযুক্ত ৰাইজাৰ মুখেদি নিৰ্গত হৈছে খাদৰ অৰ্ন্তভাগৰ উচ্চচাপৰ গেছখিনি । ইয়াক নিয়ন্ত্ৰণ কৰিব বি অ’ পি ষ্টেকৰ সৈতে ইতিমধ্যে সংযুক্ত দুটা হাইড্ৰ’লিকেলী কন্ট্ৰ’লড ৰিমট ভাল্ব অৰ্থাৎ এইছ চি আৰ ভি-য়ে। পৰৱৰ্তী পৰ্য্যায়ত কূপটো কিলিং প্ৰচেষ্টাৰ বাবে বি অ’ পিৰ সৈতে শ্লাম বাজাৰ কোম্পানীৰ মাড পাম্পৰ হাইপ্ৰেচাৰ পাইপলাইন সংযোজন কৰি থকা হৈছে । সমান্তৰালভাৱে উষ্ণতাৰ হ্ৰাসৰ বাবে ৱেল হেডটোত পানী মাৰি থকা হৈছে । ইতিমধ্যে সম্পৰীক্ষা কৰি থোৱা ১০০ পাউণ্ডযুক্ত ড্ৰিলিং ফ্লুইড অৰ্থাৎ মাডখিনি বি অ’ পিটোৰ মাজেৰে ৱেলটোৰ গভীৰলৈ পাম্পৰ সহায়ত ঠেলি ৪৫০০ পি এচ আই চাপত নিৰ্গত গেছখিনিক ৰোধ কৰা অৰ্থাৎ কূপটো কিলিং প্ৰক্ৰিয়াৰ বাবে কাইলৈ ফাইনেল অভিযান চলাব বিশেষজ্ঞসকলে । Featured Share