নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ভাৰতীয় শাস্ত্রীয় সংগীতৰ উজ্জ্বল জ্যোতিষ্ক পণ্ডিত যশৰাজৰ জীৱনাৱসান ঘটিছে৷ আমেৰিকাৰ নিউ জার্ছিত হঠাতে হূদৰোগত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে ধ্রুপদী সংগীতৰ সাধকগৰাকীয়ে৷ কিংবদন্তি ধ্রুপদী গায়কগৰাকীৰ বয়স হৈছিল ৯০ বছৰ৷ পণ্ডিত যশৰাজৰ দুহিতা দুর্গাই এক বিবৃতিযোগে পিতৃৰ মৃত্যুৰ সংবাদ প্রকাশ কৰিছে৷ স্মর্তব্য যে শেহতীয়াকৈ আমেৰিকাৰ নিউজ জার্ছিত বসবাস কৰিবলৈ লৈছিল ভাৰতীয় শাস্ত্রীয় সংগীতৰ পুৰোধাগৰাকীয়ে৷ ভাৰতৰ শাস্ত্রীয় সংগীতৰ ক্ষেত্রখনত কেইবাটাও ঘৰানাৰ আছিল অসামান্য অৱদান৷ ইয়াৰ ভিতৰত মেওৱাটি ঘৰানাৰ গুৰু আছিল পণ্ডিত যশৰাজ৷ এই ঘৰানাৰ পৰাই সংগীতকেই জীৱনৰ মূলমন্ত্র হিচাপে বাছি লৈছিল যশৰাজে৷ হাৰিয়ানাৰ ফটেহাবাদৰ শাস্ত্রীয় সংগীতৰ সৈতে জড়িত এটা পৰিয়ালত জন্ম হৈছিল পণ্ডিত যশৰাজৰ৷ শৈশৱত পিতৃয়ে বিচাৰিছিল তেওঁৰ সন্তান এগৰাকী তবলাবাদক হওক৷ যশৰাজেও প্রথম তবলাতেই মনোনিৱেশ কৰিছিল৷ কিন্তু এদিন কিংবদন্তি বেগম আখতাৰৰ কণ্ঠত শাস্ত্রীয় সংগীত শুনাৰ পাছত সিদ্ধান্ত সলনি হয় শিল্পীগৰাকীৰ৷ মঞ্চত শাস্ত্রীয় সংগীত গোৱাটোৱেই একমাত্র লক্ষ্য হৈ পৰে যশৰাজৰ৷ মাত্র ১৬ বছৰ বয়সতে শাস্ত্রীয় সংগীত পৰিৱেশনৰ সুযোগ লাভ কৰে শিল্পীগৰাকীয়ে৷ লক্ষণীয় যে ধ্রুপদী সংগীতৰ উপৰি ইয়াৰ মিশ্রণ ঘটাই শাস্ত্রীয় সংগীতত নতুন সুৰ দিয়াৰ এক কাম আৰম্ভ কৰে শিল্পীগৰাকীয়ে৷ বহু চলচ্চিত্রৰ সংগীতকাৰ যশৰাজে ৬০ৰ দশকত ‘লড়কী শ্বাহ ইয়াদ্রি কী’, ‘বীৰবল মাই মাদাৰ’, ‘ৱাদা তুমছে হ্য ৱাদা’, ‘১৯২০’ আদি কেইবাখনো ছবিত অনবদ্য সংগীতৰ সংযোজন ঘটাইছিল৷ স্মর্তব্য যে অকল ভাৰততেই নহয়, বিশ্বৰ কেইবাখনো দেশত আছে যশৰাজৰ অসংখ্য অনুৰাগী৷ কিছুদিন পূর্বে মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই পণ্ডিত যশৰাজৰ নামেৰে এটা সৰু গ্রহৰ নামকৰণ কৰিছিল৷ প্রথমগৰাকী ভাৰতীয় সংগীত শিল্পী হিচাপে এই দুর্লভ সন্মান লাভ কৰিছে শিল্পীগৰাকীয়ে৷ নাছাই নামকৰণ কৰা এই গ্রহটোৰ নাম হৈছে ‘পণ্ডিত যশৰাজ (৩০০১২৮)’৷ ৮০ বছৰ ধৰি ধ্রুপদী সংগীতৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে কিংবদন্তি শিল্পীগৰাকীয়ে৷ ইয়াৰ ভিতৰত আছে পদ্মশ্রী, পদ্মভূষণ আৰু দেশৰ দ্বিতীয় সর্বস্ব অসামৰিক সন্মান পদ্মবিভূষণ৷ শিল্পীগৰাকীৰ বিয়োগৰ লগে লগে ভাৰতজুৰি অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পণ্ডিত যশৰাজৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি ছ’চিয়েল মিডিয়া টুইটাৰযোগে ভাৰতীয় সংস্কৃতিৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে৷