গুৱাহাটী কলেজৰ তিনি শিক্ষার্থী ক’ৰোনাত আক্রান্ত
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ক’ৰোনা আক্রান্তৰ মাজতে বামুণীমৈদামস্থিত গুৱাহাটী কলেজত ক’ভিড প্রট’কল উলংঘাৰে মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীৰ পৰীক্ষাৰ প্র–পত্র সংগ্রহ কৰাক লৈ যোৱা ১১ আগষ্টত কলেজ চৌহদত হাজাৰ হাজাৰ শিক্ষার্থীৰ আগমন ঘটে৷ এই লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ মাজতেই মহাবিদ্যালয়খনত সমৱেত হোৱা শিক্ষার্থীসকল ক’ৰোনাত আক্রান্ত হোৱাৰ আশংকাই দেখা দিছিল৷
ইয়াৰ পাছতেই শনিবাৰে ক’ভিড টেষ্ট কৰাত মহাবিদ্যালয়খনৰ তিনিগৰাকী শিক্ষার্থী ক্রমে প্রজ্ঞানদীপ তামুলী, প্রাঞ্জল দাস আৰু উপেন্দ্র দাসৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰে৷ এই লৈ মহাবিদ্যালয়খনৰ শিক্ষার্থীসকলৰ মাজত তীব্র আতংকৰ সৃষ্টি হৈছে৷ সেয়েহে মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সম্পাদক সমীৰণ কলিতাই শিক্ষার্থীসকলক নিজাববীয়াকৈ ক’ভিড পৰীক্ষা কৰাৰ লগতে যথাসম্ভৱ জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷