অসম বাঘজান কাণ্ডক লৈ বিজেপি নেতাৰ অপপ্ৰচাৰঃ তোষামোদকাৰীৰ অত্যাচাৰত অতিষ্ঠ বাঘজানবাসী By নিয়মীয়া বাৰ্তা On Aug 18, 2020 Share নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ কালি বি জি এন ৫ নামৰ অভিশপ্ত খাদটোৰ মুখত সুদীৰ্ঘ ৮৩ দিনৰ মূৰত বিভিন্ন ঘাত- প্ৰতিঘাতৰ মাজেৰে বি অ’ পি স্থাপন কৰিলে। এই কাৰ্য সম্পন্ন হোৱাৰ পাছত ‘কিলিং’ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিশেষজ্ঞৰ দলে। অৰ্থাৎ বাঘজানৰ জুই এতিয়াও নিৰ্বাপন হোৱা নাই। মাথোঁ নিৰ্বাপনৰ দিশে অগ্ৰসৰ। বিশেষ ৰসায়নিক দ্ৰব্য মিশ্ৰিত ‘মাড’ ভূগৰ্ভৰ কেইবা হাজাৰ মিটাৰৰ গভীৰলৈকে নিক্ষেপনেৰে গেছৰ প্ৰচণ্ড চাপৰ মাজত যুদ্ধ কৰি ‘কিলিং’ প্ৰক্ৰিয়াৰে গেছ- তেলৰ নিৰ্গমণ বন্ধ কৰাৰ কচৰৎ চলিছে। ব্ল’ আউট বন্ধ হ’লেই জুই নিৰ্বাপন হ’ব। ইয়াকে লৈ কালিৰে পৰা এচামে ছচিয়েল মিডিয়াত জুই নিৰ্বাপন হোৱাৰ ভুৱা খবৰ প্ৰকাশ কৰি সত্যৰ অপলাপ কৰিছে। এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে সমগ্ৰ বাঘজানবাসীৰ লগতে মিলনজ্যোতি যুৱক সংঘ আৰু সচেতন মহল। এই প্ৰতিবেদনত মাত্ৰ কেইটামান ভুৱা প্ৰচাৰ আৰু তোষামোদকাৰীৰ স্বৰূপ উদঙাই দি সামাজিক মাধ্যমত বাঘজান কাণ্ডক লৈ প্ৰকৃততে কি চলিছে পাঠক সমাজক অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব, ৰাজ্যিক বিজেপিৰ অন্যতম মুখপাত্ৰ, অসম অলিম্পিক সন্থাৰ সম্পাদক তথা মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ টিকটৰ অন্যতম দাবীদাৰ লক্ষ্য কোঁৱৰে মুখ্যমন্ত্ৰীক খোচ কৰিবলৈ গৈ ফেইচবুকত লিখা প’ষ্টটো এনেকুৱা- “বাঘজানৰ জুইকুৰা নুমাল/ কথাৰে নহয় বন্ধু কামত পৰিচয়/ ধন্যবাদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া/ আপোনাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বাবে/ আশ্বস্ত বাঘজানবাসী।” একেদৰে ‘বিজেপি যোৰহাট’ নামৰ ফেইচবুক পেজত দেখা গ’ল- “সৰ্বানন্দ সোণোৱালৰ অহৰহ তদাৰকত এতিয়া বিপদমুক্ত বাঘজান/ ৮৩ দিনীয়া জুইকুৰা নুমুৱাত আশ্বস্ত বাঘজানবাসী।” একেই মন্তব্য ‘সৰ্বসাধাৰণৰ সৰ্বানন্দ’ পেজত। প্ৰণৱ তাঁতী নামৰ এজনে আৰু এখোপ উপৰলৈ গৈ লিখিলে- “ধন্যবাদ অসম চৰকাৰ/ বাঘজানবাসীলৈ শান্তি ঘূৰি আহিল/ বিজেপি চৰকাৰৰ অধিক গুৰুত্বত প্ৰকৃতিক ৰোধ কৰিলে বিশেষজ্ঞই।” এতিয়া প্ৰশ্ন হৈছে বাঘজানবাসীক সুৰক্ষা আৰু ক্ষতিপূৰণ প্ৰদান, চৌপাশৰ জৈৱ- বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰ, বি অ’ পি স্থাপন, কিলিং প্ৰক্ৰিয়া আদিত অসম চৰকাৰ কিম্বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি জানেনে সেইসকল তোষামোদকাৰী বিজেপি নেতাই? Featured Share