অসম কন্যা লাভলীনালৈ অর্জুন বঁটা
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: অসমৰ উদীয়মান বক্সিং তাৰকা লাভলীনা বৰগোহাঁয়ে সন্মানীয় অর্জুন বঁটা জয়েৰে ৰাজ্যৰ ক্রীড়া জগতক গৌৰৱান্বিত কৰিছে৷ ক্রীড়া মন্ত্রালয়ে আজি ঘোষণা কৰা অর্জুন বঁটাত দেশৰ ২৯গৰাকী প্রতিভাৱান ক্রীড়াবিদৰ ভিতৰত গোলাঘাটৰ বৰপথাৰৰ তৰকা বক্সাৰগৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৮ আৰু ২০১৯ৰ আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দেশৰ হৈ একেৰাহে ২টা ব্রঞ্জৰ পদক অর্জন কৰাৰ সুবাদত ২৩ বছৰীয়া লাভলীনাক সন্মানীয় অর্জুন বঁটাৰ বাবে বাছনি কৰা হয়৷
চলিত বর্ষৰ মার্চত তেওঁ টকি’ অলিম্পকলৈ যোগ্যতা অর্জন কৰিছে৷ উজবেকিস্তানত অনুষ্ঠিত এছিয়া–ওছেনিয়া অলিম্পিক কোৱালিফিকেচন বক্সিং প্রতিযোগিতাৰ ছেমিফাইনেলত প্রৱেশৰ পাছতে টকি’লৈ লাভলীনাৰ টিকট নিশ্চিত হৈছিল৷
মন কৰিবলগীয়া যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা লাভলীনা হ’ল অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ৷ দীঘলীয়া লকডাউনৰ বাবে যোৱা ৫ মাহ ধৰি বৰপথাৰৰ ঘৰত থকা প্রতিভাৱান বক্সাৰগৰাকী সম্প্রতি বিশ্ব ৰেংকিঙৰ (৬৯ কেজি ওজন শাখা) তৃতীয় স্থানত আছে৷ ১৯৯৭ চনৰ ২ অক্টোবৰত জন্মগ্রহণ কৰা লাভলীনাই কাইলৈ গোলাঘাটৰ ঘৰৰ পৰা পাটিয়ালাৰ প্রস্তুতি শিবিৰলৈ ৰাওনা হ’ব৷ তাত তেওঁ টকি’ অলিম্পিকৰ বাবে নিজকে সাজু কৰিবলৈ পূর্ণোদ্যমে অনুশীলন আৰম্ভ কৰিব৷ ইফালে, অসম কন্যা লাভলীনাই অর্জুন বঁটা জয়ৰ খবৰে ৰাজ্যৰ ক্রীড়ানুৰাগীক উৎফুল্লিত কৰি তুলিছে৷