নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি দখলকাৰী চীনক লৈ নিমাত নেপালৰ প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: মৈত্রী দেশ ভাৰতৰ সৈতে সম্পর্কত তিক্ততাৰ সৃষ্টি কৰা নেপালৰ প্রধানমন্ত্রী কেপি শর্মা অলিয়ে দেশখনৰ ভূমি দখল কৰা আগ্রাসী চীনক লৈ নিমাত হৈ থকা বিষয়টোৱে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ আগ্রাসী চীনে দখলদাৰীৰ ভূমিকা গ্রহণ কৰি নেপালৰ চাৰি জিলাৰ অতিকমেও এঘাৰটা স্থান নিজৰ দখললৈ নিছে৷ এই স্থানকেইটাৰ অধিকাংশই নদীকাষৰীয়া অঞ্চল৷

নেপালৰ কৃষি বিভাগে প্রকাশ কৰা তথ্য মতে, ভাগদৰে নদীৰ হামলা অঞ্চল, কার্ণালী নদী, চাংগেন নদী, লেমদে, ভুলজোগ, জাম্বু, অৰুণ, কামখোলা, ছামজুগ নদীকে ধৰি কেইবাখনো নদীৰ দাঁতিকাষৰীয়া অঞ্চল চীনে দখল কৰাৰ পিছতো প্রধানমন্ত্রী অলি নীৰৱ হৈ আছে৷ চীনৰ কমিউনিষ্ট পার্টীৰ পুতলা হিচাপে কাম কৰি থকা অলি নেতৃত্বাধীন নেপাল চৰকাৰে শেহতীয়াকৈ ভাৰতৰ ভূমিখণ্ড নিজৰ মানচিত্রত অন্তর্ভুক্ত কৰি ৰঙা চীনক দেশখনৰ ভূমি দখল কৰিবলৈ সুযোগ দিছে৷ আনকি এইক্ষেত্রত চীনৰ সৈতে কোনো ধৰণৰ আলোচনাতো অংশ লোৱা নাই নেপালে৷ ইয়াকে লৈ দেশখনৰ ৰাজনীতিত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like