নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদানি গ্রুপৰ অধীনলৈ যাব বৰঝাৰ বিমানবন্দৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: অৱশেষত গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰৰ বেচৰকাৰীকৰণ প্রক্রিয়া সম্পূর্ণ হ’ল৷ দীর্ঘদিনীয়া জল্পনা–কল্পনাৰ অন্ত পেলাই গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিলে গুজৰাটৰ উদ্যোগপতি গৌতম আদানিয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেবিনেট কমিটীয়ে কালি আনুষ্ঠানিকভাৱে গুৱাহাটী বিমানবন্দৰ আদানিৰ হাতত গতাই দিয়ে৷ কেন্দ্রীয় কেবিনেটে প্রদান কৰা অনুমোদন অনুসৰি এতিয়াৰে পৰা গুৱাহাটী বিমানবন্দৰৰ ‘অপাৰেচন’ আৰু ‘মেনেজমেণ্ট’ৰ সম্পূর্ণ দায়িত্ব লাভ কৰিব আদানি এণ্টাৰপ্রাইজেছ লিমিটেডে৷

  গুৱাহাটী বিমানবন্দৰৰ লগতে জয়পুৰ আৰু তিৰুৱন্তপুৰম বিমানবন্দৰো আদানিৰ কোম্পানীৰ অধীনস্থ হ’ব৷ উল্লেখ্য যে ইমান দিন এই তিনিটা বিমানবন্দৰ এয়াৰপ’ট অথাৰিটী অৱ ইণ্ডিয়াৰ অধীনত আছিল৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ ২৬ ফেব্রুৱাৰীত হোৱা নিলাম প্রক্রিয়াৰ জৰিয়তে গুৱাহাটী বিমানবন্দৰৰ মালিকানা লাভ কৰিবলৈ সক্ষম হৈছিল আদানি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত জাৰি কৰা এক প্রেছ বিজ্ঞপ্তি মতে, অহা ৫০ বছৰৰ বাবে আদানিৰ কোম্পানীটোৱে গুৱাহাটী বিমানবন্দৰৰ অপাৰেচন আৰু মেনেজমেণ্টৰ কর্তৃত্ব লাভ কৰিব৷

  উল্লেখ্য যে সর্বাধিক যাত্রী মাচুলৰ নিৰিখত গুৱাহাটী বিমানবন্দৰক আদানি এণ্টাৰপ্রাইজেচক হস্তান্তৰ কৰা হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে ইয়াৰ দ্বাৰা বিমান যাত্রাৰ ব্যয়ভাৰ যথেষ্ট বৃদ্ধি পাব৷ কেন্দ্রীয় অসামৰিক বিমান মন্ত্রালয়ৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে, চুক্তি অনুসৰি প্রতিজন বিমান যাত্রীৰ পৰা আদানিৰ কোম্পানীয়ে অতিৰিক্ত ১৬০ টকা সংগ্রহ কৰিব চৰকাৰী মাচুল হিচাপে৷ ইয়াৰ উপৰি বিমানবন্দৰ পৰিচালনাৰ নামত আদানি এণ্টাৰপ্রাইজে যাত্রীসকলৰ পৰা ‘অসীমিত মাচুল’ আদায় কৰিব পাৰিব৷ পিছে চৰকাৰী বিবৃতিত কোৱা হৈছে যে বিমানবন্দৰত যাত্রী পৰিসেৱাৰ মান বৃদ্ধি কৰাৰ বাবেই গুৱাহাটীকে ধৰি জয়পুৰ আৰু তিৰুৱন্তপুৰম বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব বেচৰকাৰী সংস্থাৰ হাতত তুলি দিয়া হৈছে৷

তদুপৰি দক্ষতা, পেছাদাৰিত্বৰ বিষয়টোও হেনো চালিজাৰি চোৱা হৈছে৷ ইপিনে বিভাগীয় সূত্রত জানিব পৰা মতে, আদানিৰ বাহিৰে গুৱাহাটী বিমানবন্দৰৰ বাবে নেচনেল ইনভেষ্টমেণ্ট এণ্ড ইনফ্রাষ্ট্রাকচাৰ ফাণ্ড আৰু জুৰিখ এয়াৰপ’ট ইণ্টাৰনেচনেল এজিয়ে যৌথভাৱে প্রতিজন যাত্রীৰ বাবদ ১৫৫ টকা ধার্য কৰিছিল৷ আনহাতে এ এম পি কেপিটেল আৰু জি এম আৰ এয়াৰপ’ট লিমিটেডে ধার্য কৰিছিল ক্রমে ১৩৬ আৰু ৫৯ টকা৷ আটাইতকৈ কম মূল্য নির্ধাৰণ কৰিছিল পি এন চি ইনফ্রাটেকছে৷ পি এ চিয়ে প্রতিজন বিমানযাত্রীৰ বাবদ মাত্র ১৮ টকাহে ধার্য কৰিছিল৷ পিছে সর্বাধিক ১৬০ টকাৰে আদানিৰ কোম্পানীয়ে গুৱাহাটী বিমানবন্দৰৰ সম্পূর্ণ মালিকানা আদায় কৰি নিয়াটো যথেষ্ট লক্ষণীয় বিষয় হৈ পৰিছে৷

You might also like