নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰৰ পৰা ১০ হাজাৰ সেনা প্রত্যাহাৰ কেন্দ্রীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰৰ পৰা শীঘ্রেই ১০ হাজাৰ অর্ধসামৰিক বাহিনীৰ জোৱান প্রত্যাহাৰৰ নির্দেশ দিছে কেন্দ্রই৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে কেন্দ্রীয়শাসিত অঞ্চলটোত মোতায়েন হৈ থকা চেন্ট্রেল আর্ম পুলিচ ফ’চ (কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী)ক লৈ পর্যালোচনা কৰাৰ পিচতেই এই সিদ্ধান্ত গ্রহণ কৰা হয়৷

উল্লেখ্য যে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি জম্মু–কাশ্মীৰ আৰু লাডাখ কেন্দ্রীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পিছতেই ১০০টা চিআৰপিএফ কোম্পানী অঞ্চলটোলৈ প্রেৰণ কৰা হৈছিল৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনা অনুযায়ী চিআৰপিএফৰ ৪০টা কোম্পানী, চিআইএছএফ, বিএছএফ আৰু এছএছবিৰ প্রতিটোৰে ২০টাকৈ কোম্পানী চলিত সপ্তাহটোৰ ভিতৰতে কাশ্মীৰৰ পৰা প্রত্যাহাৰ কৰা হ’ব৷ উল্লেখ্য যে যোৱা মে’ মাহত প্রায় ১০টা চিআৰপিএফৰ কোম্পানী জম্মু–কাশ্মীৰৰ পৰা প্রত্যাহাৰ কৰা হৈছে৷ বর্তমান কাশ্মীৰ উপত্যকাত চিআৰপিএফৰ প্রায় ৬০টা কোম্পানী মোতায়েন হৈ থাকিব৷

You might also like