নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছখোৱাত জিএমচিৰ উচ্ছেদ অভিযান: পাঁচ কুইণ্টল শাক–পাচলি জব্দ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: ক’ভিড–১৯ৰ ভয়াৱহতাৰ মাজতে একাংশ ব্যৱসায়ীয়ে নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানত ব্যৱসায় চলাই আহিছে৷ কালি গুৱাহাটী পৌৰ নিগমৰ এটা দলে মাছখোৱাৰ তৰুণৰাম ফুকন পথ, কেদাৰ ৰোডত অভিযান চলাই পথত অবৈধভাৱে ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলক উচ্ছেদ কৰে৷

মহানগৰ আৰক্ষীৰ সহযোগত কালি পুৱা প্রায় ৫.৩০ বজাৰ পৰা চলোৱা এই অভিযানত পৌৰ নিগমৰ দলটোৱে ব্যৱসায়ীসকলৰ পৰা ৫ কুইণ্টল শাক–পাচলি জব্দ কৰে৷ পৌৰ নিগম কর্তৃপক্ষই জব্দকৃত শাক–পাচলি স্নেহালয়া, ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড ৱেলফেয়াৰ, এছ’চিয়েচন ফৰ ছ’চিয়েল হেলথ ইণ্ডিয়া, অম্বিকাগিৰি মেম’ৰিয়েল ট্রাষ্টত বিতৰণ কৰে৷

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মাছখোৱা আৰু ফাঁচীবজাৰৰ পথৰ ওপৰত ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলক উক্ত স্থানত ব্যৱসায় বন্ধ কৰিবলৈ নির্দেশ জাৰি কৰিছিল৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ নির্দেশ অমান্য কৰি ব্যৱসায়ীসকলে দীর্ঘদিন ধৰি ব্যৱসায় চলাই আহিছিল৷

You might also like