সন্মুখত আই পি এল, অনুশীলনত নামিল ৰোহিত শর্মা
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ইউ এ ইত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে আজি অনুশীলন আৰম্ভ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই৷
লকডাউনৰ বাবে যোৱা মার্চ মাহৰ পৰা ঘৰত আবদ্ধ হৈ থকা তাৰকা বেটছমেনগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত আজি দীর্ঘ সময় ধৰি নেটত বেটিং অনুশীলন চলায়৷ দীর্ঘ দিনৰ বিৰতিত অনুশীলনলৈ উভতি উৎফুল্লিত ৰোহিতে ইনষ্টাগ্রামত লিখিছে যে হাতত গ্ল’ভছ আৰু বেট, মূৰত হেলমেট আৰু ভৰিত স্প’টছ শ্বু পিন্ধি মই আজি ক্রিকেটৰ বাবে সাজু হৈ উঠিছোঁ৷
উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ একাংশ খেলুৱৈয়ে যোৱা সপ্তাহৰ পৰা মুম্বাইৰ নিকটৱর্তী ঘনছ’লি অঞ্চলৰ ৰিলায়েন্স কর্প’ৰেট পার্কত অনুশীলন চলাই আছে৷ অৱশ্যে অধিনায়ক ৰোহিত শর্মা, তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই আজিহে শিবিৰত যোগ দিছে৷ দলটোৱে ২৩ আগষ্টত ইউ এ ই অভিমুখে ৰাওনা হোৱাৰ কথা আছে৷