নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘে-ছাগে একলগে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰেঃ প্ৰশান্ত ফুকন

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া। তেওঁ কয় যে তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কয় ভোট পাইছিল কিন্তু আজি বিজেপিক বশ কৰিবৰ বাবে দুয়োটা দল একলগ হৈছে। এইটো কেতিয়াও সম্ভব নহয়। এয়া মুংগেৰীলালৰ ৰঙীন সপোন আৰু আমি আগৰ আসনসমূহ পামেই। উজনি অসমত আমি এখনো আসন কংগ্ৰেছক নিদিওঁ।

কংগ্ৰেছ নিজৰ ৰাস্তাত আৰু নাই। পথচ্যুত হৈছে কংগ্ৰেছ দল। AIUDF-এ অক্টোপাছৰ দৰে কংগ্ৰেছক খাই শেষ কৰি পেলাব। আমাৰ কৰ্মই আমাক লক্ষ্যত উপনীত কৰাব। ১০০খনৰো অধিক আসন আমি লাভ কৰিবলৈ সক্ষম হম।

এই মিত্ৰজোঁটে কংগ্ৰেছৰ প্ৰতি মানুহৰ মনোভাৱ সলনি কৰি দিলে। এয়া কংগ্ৰেছৰ বাবে এক অশনি শক্তি। তৰুণ গগৈয়ে যদি মুখ্যমন্ত্ৰী হ’ম বুলি ভাবিছে তেওঁ ভুল ভাবিছে। বদৰুদ্দিনৰ লগত মিত্ৰতা কৰি ভাল কাম নকৰিলে বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। 

You might also like