নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ ইঞ্চিৰ চক পেঞ্চিলত অংকন কৰিলে গুৰুজনাক

নিয়মীয়া বার্তা, ২১ আগষ্টঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথি আছিল কালিৰ দিনটো। এই দিনটোতে এডাল ডেৰ ইঞ্চি দৈর্ঘ্যৰ চকপেঞ্চিলত গুৰুজনাক অপূর্ব ৰূপত অংকন কৰিলে ঢেকীয়াজুলিৰ শিক্ষক তথা শিল্পী ৰঞ্জন শইকীয়াই৷

শিল্পী শইকীয়াই এইদৰেই গুৰুজনাৰ শ্রীচৰণত প্রণিপাত জনাই গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথিৰ দিনা।

উল্লেখ্য যে বলুকা শিল্পী হিচাপে সমাদৃত এইগৰাকী শিল্পী ৰঞ্জন শইকীয়াই চকশিল্পৰ জৰিয়তেও বিশিষ্ট ব্যক্তিসকলৰ প্রতিকৃতি অনিন্দ্য সুন্দৰকৈ হুবহু ৰূপত অংকন কৰি শ্বহীদ নগৰীবাসীৰ লগতে ৰাজ্যবাসীৰ পৰা বিপুল প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷

You might also like