আন্তঃৰাষ্ট্ৰীয়দেশ বিদেশ মুছলমান লোকসকলৰ ক্ষতি নকৰাকৈ ভাৰতত পৰমাণু আক্ৰমণৰ আজৱ ভাবুকি পাকিস্তানৰ By নিয়মীয়া বাৰ্তা On Aug 21, 2020 Share নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ভাৰতৰ বিৰুদ্ধে পুনৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানে৷ এই পাৰমাণৱিক যুদ্ধত অসমকো লক্ষ্য কৰি নিয়াৰ ক্ষমতা আছে বুলি দাবী কৰিছে ইছলামাবাদে৷ অতি চাঞ্চল্যকৰ এই বিবৃতি প্রদান কৰিছে পাকিস্তানৰ জ্যেষ্ঠ মন্ত্রী শ্বেখ ৰছিদে৷ অৱশ্যে ভাৰতত বাস কৰা মুছলমান লোকসকলক ৰক্ষা কৰিহে দেশখনে পাৰমাণৱিক অস্ত্র প্রয়োগ কৰিব বুলি মন্ত্রী ৰছিদে স্পষ্ট কৰি দিয়ে৷ পাকিস্তানৰ ছামা টিভিক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে পাকিস্তানৰ হাতত অতি সূক্ষ্ম তথা নিখুঁত পাৰমাণৱিক অস্ত্র আছে৷ ভাৰতৰ মুছলমান লোকসকলক বচাই নির্দিষ্ট কিছুমান ঠাইতহে পাকিস্তানে এই অস্ত্রবোৰ প্রয়োগ কৰিব৷ ইয়াৰ পিছতেই মন্ত্রী ৰছিদৰ মন্তব্য– পাকিস্তানৰ হাতত এতিয়া আনকি অসমলৈকে আঘাত হানিব পৰাকৈ পাৰমাণৱিক অস্ত্র মজুত আছে৷ Share