তৰুণ গগৈ ডাঙৰীয়াৰ ইমান লোভ, তেওঁ একো এৰিব নোৱাৰেঃ পীয়ূষ হাজৰিকা
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ কংগ্ৰেছ-AIUDFৰ মিত্ৰজোঁটৰ চৰকাৰ হ’লে ক্ষতি হ’ব অসমীয়াৰ। হাউলীত এই মন্তব্য পীয়ূষ হাজৰিকাৰ। তেওঁ লগতে কয় যে এই মিত্ৰতাৰ দ্বাৰা কংগ্ৰেছৰ ক্ষতি হ’বনে নহয় নাজানো, কিন্তু বদৰুদ্দিন আজমলৰ ৰিমৰ্ট কণ্ট্ৰলত যদি কংগ্ৰেছ চৰকাৰ হয় তেন্তে বহু ক্ষতি হ’ব, গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল’ব আজমলৰ হাতত ৰাজনৈতিক শক্তি দিব নে নিদিয়ে। অসমীয়াৰ ক্ষতি নোহাৱাকৈ সকলোকে কাম কৰি যাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।
চৰকাৰ বিজেপিৰে গঠন হ’ব। আমাক কোনেও ৰাখিব নোৱাৰে। খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে সদায় মাত মাতি যাম। ৯০ বছৰ বয়সতো তৰুণ গগৈ ডাঙৰীয়াৰ ইমান লোভ, তেওঁ একো এৰিব নোৱাৰে।এতিয়াও মুখ্যমন্ত্ৰী হ’ব খোজে, কাকো এৰি দিব নোখোজে বুলিও সাংবাদিকৰ আগত কয় মন্ত্ৰী পীয়ূষ হাজৰিকাই।