নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফৰ অশুভ মিত্রতাক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ কংগ্রেছ–এআইইউডিএফৰ মিত্রতাক লৈ সম্প্রতি উত্তাল হৈ পৰিছে অসমৰ ৰাজনীতি৷ বিজেপি, কংগ্রেছ, অগপ সকলোৰে চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে এতিয়া বদৰুদ্দিন আজমল৷ কংগ্রেছে আজমলৰ সহায়ত চৰকাৰ গঠনৰ সপোন দেখাৰ বিপৰীতে আজমলক যিকোনো প্রকাৰে প্রতিহত কৰাৰ বাবে পণ বান্ধিছে বিজেপিয়ে৷ একে সময়তে কংগ্রেছ–এআইইউডিএফৰ মিত্রতাত ক্ষুণ্ণ হোৱা দল দুটাৰ তৃণমূল কর্মীক লৈ নিজৰ ভেটি সুদৃঢ় কৰাৰ পৰিকল্পনা কৰিছে মিত্রদল অগপই৷ এনেধৰণৰ ৰাজনৈতিক হিচাপ–নিকাচেৰে উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি৷

সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ বোকোচাত উঠি কংগ্রেছে ৰাজ্যৰ শাসনভাৰ দখলৰ যি সপোন দেখিছে, তাক প্রতিহত কৰাৰ বাবে একপ্রকাৰ সংকল্পবদ্ধ হৈছে শাসক দল বিজেপি৷ অসম আৰু অসমীয়াৰ স্বার্থতেই আজমলৰ হাতৰ পৰা অসমক ৰক্ষা কৰাটো অন্যতম পণ হিচাপে লৈছে গেৰুৱা দলটোৱে৷

কালি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোতেই ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছ–এআইইউডিএফৰ মিত্রতাক প্রতিহত কৰি বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে মত পোষণ কৰে৷ তেওঁ আনকি কংগ্রেছ–এআইইউডিএফৰ আসনৰ সংখ্যা ২৫ৰ পৰা ৩০ৰ ভিতৰতে সীমাবদ্ধ থাকিব বুলি মন্তব্য কৰে৷ ড০ শর্মাৰ এনে মন্তব্যৰ পিছত আজি কংগ্রেছ–এআইইউডিএফৰ মিত্রতাক প্রতিহত কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ প্রতিষ্ঠাৰ ঘোষণা কৰিছে মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক প্রশান্ত ফুকন, সাংসদ পল্লৱলোচন দাসে৷

আজি বিয়লি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই ২০২১ চনত হ’বলগীয়া অসম বিধানসভা নির্বাচনৰ জৰিয়তে ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি প্রকাশ কৰে৷ বিৰোধী দল কংগ্রেছে আজমলৰ বোকোচাত উঠি আৰু বিজেপিৰ মাজত কাজিয়াৰ সৃষ্টি কৰি শাসন দখলৰ যি সপোন দেখিছে, সেয়া কেতিয়াও সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ মাজত কোনো কাজিয়া নাই৷

সর্বানন্দ সোণোৱাল বর্তমান এই মুহূর্তত অসমৰ মুখ্যমন্ত্রী হৈ আছে৷ মুখ্যমন্ত্রিত্বক লৈ বিজেপিৰ মাজত দ্বিতীয় কোনো চিন্তা নাই৷ আসন্ন নির্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ কৰিবই৷ কংগ্রেছে পুনৰ বিৰোধীৰ আসনত বহিব লাগিব৷ বর্তমানতকৈ তেওঁলোকৰ আসনৰ সংখ্যা অহাবাৰ হ্রাস পাব৷ আনকি এতিয়া বৰ বৰ কথা কোৱা কংগ্রেছৰ বহু বাঘা বাঘা নেতা অহা নির্বাচনত পৰাজিত হ’ব৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা অসম আৰু অসমীয়াৰ কাৰণে ক্ষতিকাৰক বুলি উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে আজমলৰ সহযোগত কংগ্রেছ ক্ষমতালৈ আহিলে ৩০ বছৰ পিছত অসমীয়া শব্দই নোহোৱা হৈ যাব৷ আজমলৰে মিত্রতাৰ পোষকতা কৰা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ভূমিকাকো সমালোচনা কৰি মন্ত্রী হাজৰিকাই কয় যে গগৈয়ে নিজৰ স্বার্থৰ বাবেই এআইইউডিএফৰে মিত্রতা কৰিব বিচাৰিছে৷

উজনি অসমত কংগ্রেছৰ নেতাসকলক হৰুৱাই গগৈয়ে ৯০ বছৰ বয়সত পুনৰ মুখ্যমন্ত্রী হ’ব বিচাৰিছে৷ যাতে ভৱিষ্যতে গগৈয়ে নিজ পুত্রক কলিয়াবৰ, নগাঁও আদি জিলাৰ পৰা সংখ্যালঘুৰ ভোটেৰে জয়ী কৰাই আনি মুখ্যমন্ত্রী পাতিব পাৰে৷ সংবাদ মেলখনত হাজৰিকাই আৰু কয় যে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা হ’লেও নামনি অসমত বিজেপিৰ কোনো ক্ষতি নহয়৷ ইতিমধ্যে আজমলে নামনি অসম দখল কৰিছেই৷ নামনিত যি ৫টামান সমষ্টি বিজেপিৰ দখলত আছে, অহা নির্বাচনতো সেয়া অক্ষুণ্ণ থাকিব৷

আনহাতে কংগ্রেছৰ সাম্প্রতিক দুর্যোগপূর্ণ অৱস্থাৰ বিষয়ে উনুকিয়াই কয় যে দলটোৰ আগশাৰীৰ নেতাই এতিয়া ২০০ মান মানুহক লৈ ৰাজহুৱা সভা–সমিতি কৰিবলগীয়া হৈছে৷ কিন্তু সেইসকল নেতা তেওঁতকৈ যথেষ্ট জ্যেষ্ঠ৷ সেইসকল নেতাতকৈ তেওঁ ১৫ বছৰ পিছতহে বিধায়ক নির্বাচিত হৈ আহিছে৷ সভালৈ মানুহ গোটাব নোৱাৰিলে তেৱেঁই এহেজাৰ মানুহ পঠিয়াই দিব বুলিও কটাক্ষ কৰে৷ ইপিনে, ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা ‘মুংগেৰী লাল’ৰ সপোন বুলি কটাক্ষ কৰি কয় যে এইবাৰ বিধানসভা নির্বাচনত বিজেপিয়ে তিতাবৰত তৰুণ গগৈক পৰাজিত কৰিব৷ এসময়ত হু ইজ বদৰুদ্দিন বুলি কোৱাৰ বাবে গগৈয়ে ৫০ নম্বৰ পাইছিল৷

এইবাৰ গগৈয়ে মাইনাছ ৫০ নম্বৰ পাব৷ সেইদৰে তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ সুৰক্ষা, নিৰাপত্তা আৰু সংস্কৃতি অক্ষুণ্ণ ৰখাৰ স্বার্থতে আজমলৰ পৰা অসমক ৰক্ষা কৰিব বিচাৰিছে৷ যিকোনো প্রকাৰে আজমলৰ হাতৰ পৰা অসমক ৰক্ষা কৰিব লাগিব৷ জাতীয় সংগঠনৰ বহু নেতাই বিজেপিত যোগদানৰ বাবে ইতিমধ্যে যোগাযোগ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ ইফালে, কংগ্রেছ–এআইইউডিএফৰ মিত্রতাই অগপক লাভান্বিত কৰিব বুলি মন্তব্য কৰিছে অগপৰ সাধাৰণ সম্পাদক, প্রাক্তন মন্ত্রী ডাঃ কমলাকান্ত কলিতাই৷

কলিতাই কয় যে কংগ্রেছ–এআইইউডিএফৰ মিত্রতা আদর্শগত মিত্রতা নহয়৷ এই মিত্রতা সুবিধাবাদৰ মিত্রতা৷ এআইইউডিএফ গঠনৰ সময়ত দলটোৰ সৰহসংখ্যক কর্মীয়ে কংগ্রেছৰ বিৰুদ্ধে গৈহে দলটো গঠন কৰিছিল৷ তেনে ক্ষেত্রত কংগ্রেছ–এআইইউডিএফৰ্ মাজত মিত্রতা হ’লেও সেই মিত্রতা দল দুটাৰ নেতৃত্বৰ শীর্ষ পর্যায়তহে থাকিব৷ তৃণমূল পর্যায়ত সেই মিত্রতা নহয়৷ সেই মিত্রতাৰ বাবে দুয়োটা দলৰে তৃণমূলৰ কর্মীসকল ক্ষুণ্ণ হ’ব৷ কংগ্রেছ–এআইইউডিএফৰ ক্ষুণ্ণ কর্মীসকলে উপায়ান্তৰ হৈ শেষ মুহূর্তত অগপৰ প্রতিহে আকর্ষিত হ’ব৷ এক কথাত ক’বলৈ গ’লে কংগ্রেছ–এআইইউডিএফৰ মিত্রতাৰ বাবে অগপহে লাভান্বিত হ’ব৷

You might also like