মই আপোচ কৰা নাই, অগপৰ সকলো বিধায়ককে পুনৰ প্রার্থিত্ব দিব লাগিব
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ধাৰাবাহিক ৰুদ্ধদ্বাৰ বৈঠকেও ৰাজ্যৰ শাসকীয় মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ ভিতৰচ’ৰাৰ সংঘাত– অসন্তুষ্টি মৰিষণৰ সমাধান সূত্র উলিয়াব পৰা নাই৷ বৰং সভাপতি অতুল বৰা তথা দলৰ নেতৃবৃন্দ আৰু প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ মাজত ৰাজনৈতিক মতানৈক্য বৃদ্ধি পাই গৈ আছে৷ দলৰ জ্যেষ্ঠ নেতা–মন্ত্রী ফণীভূষণ চৌধুৰীৰ মধ্যস্থতাত কালি দিছপুৰত সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ এদিনৰ পিছতে কালি পুনৰ বিস্ফোৰণ ঘটাইছে প্রাক্তন মুখ্যমন্ত্রী তথা ৰাজ্যৰ প্রধান আঞ্চলিক দলটোৰ প্রতিষ্ঠাপক সভাপতি মহন্তই৷ নেতৃত্বৰে বৈঠকত বহি সমাগত বিধানসভা নির্বাচনত প্রার্থিত্বৰ স্বার্থত আত্মসমর্পণ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰি নস্যাৎ কৰি প্রাক্তন মুখ্যমন্ত্রী মহন্তই কালি কয়– ‘মই আপোচ কৰা নাই৷ আপোচ কৰাৰ প্রশ্ন নাহে৷ অসমৰ জনসাধাৰণৰ হৈ কাম কৰি যাম৷ সেই কাৰণে এটা কথা স্পষ্ট যে অসমবিৰোধী কোনো স্থিতিক সমর্থন কৰিব নোৱাৰোঁ৷ সেই স্থিতি যি চৰকাৰেই নলওক কিয়?’ নাগৰিকত্ব সংশোধনী আইনক লৈ অগপৰ স্থিতি কি আৰু কোন কোন বিষয়ত বিজেপিৰে ঐকমত্যত উপনীত হৈছে, সেয়া স্পষ্ট কৰাৰ বাবে দলৰ নেতৃত্বক ইতিমধ্যে আহ্বান জনোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷ এই সন্দর্ভত প্রাক্তন মুখ্যমন্ত্রী মহন্তই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য আছিল এনেধৰণৰ– ‘দলৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ যাতে অসমৰ মানুহৰ মাজত এটা ভুল বুজাবুজি নাথাকে৷ অগপ আৰু বিজেপিৰ স্থিতি কি, কোন কোন বিষয়ত ঐকমত্যত উপনীত হৈছে সেইটো স্পষ্ট কৰিবলৈ আহ্বান জনাইছোঁ৷ কিন্তু তেওঁলোকে কৰিব পৰা নাই৷’ যদিহে অগপ নেতৃত্বই স্থিতি স্পষ্ট নকৰে, তেন্তে পৰৱর্তী পদক্ষেপ কি হ’ব বুলি সোধাত তেওঁ অতি কৌশলপূর্ণভাৱে কয়– ‘সেইটো সময়ে ক’ব৷ আমাৰ কাৰণে এটা অস্বস্তিকৰ পৰিৱেশ হ’ব৷ আমি অসমৰ ৰাইজৰ লগত আছোঁ আৰু অসম চুক্তি ৰূপায়ণ হোৱাটো বিচাৰিছোঁ৷’ ২০২১ চনৰ বিধানসভা নির্বাচনত সম্প্রতি অগপৰ দখলত থকা ১৪টা সমষ্টিৰ এটাও এৰি নিদিয়াৰ তেওঁ কার্যতঃ হুংকাৰ দিয়ে৷ লগতে এই ১৪টা সমষ্টিৰ উপৰি দলে অতিৰিক্ত প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত ল’ব লাগিব বুলিও মন্তব্য কৰে প্রাক্তন মুখ্যমন্ত্রী মহন্তই৷ এই প্রসংগত তেওঁ কয় যে আমাৰ স্থিতি ইতিমধ্যে কৈছোঁ– যিসকল বিধায়ক যোৱা নির্বাচনত জয়ী হৈ আহিছিল, তেওঁলোকৰ সকলোকে প্রার্থী হিচাপে পুনৰ থিয় কৰাব লাগিব৷ তদুপৰি অতিৰিক্ত প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্তও ল’ব লাগিব দলে৷ মন কৰিবলগীয়া যে প্রাক্তন মুখ্যমন্ত্রী মহন্তই সভাপতি অতুল বৰাক কটাক্ষ কৰিবলৈও নেৰিলে৷ দলৰ সভাপতিৰ দায়িত্বভাৰ অর্পণ কৰাৰ প্রসংগ দোহাৰি নাম উল্লেখ নকৰাকৈয়ে তেওঁ কয় যে শাৰীৰিক অসুস্থতাৰ বাবে মই ৬ মাহলৈ সভাপতিৰ দায়িত্ব কার্যকৰী সভাপতিক দিছিলোঁ৷ কিন্তু গোজেই গজালি হ’ল৷
স্মর্তব্য যে দলীয় নেতৃত্বৰে মতানৈক্য তুংগত উঠাৰ মাজতে প্রাক্তন মুখ্যমন্ত্রী মহন্তই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্রমণ কৰি অগপৰ পুৰণি নেতা–কর্মীসকলক ঐক্যবদ্ধ কৰা আৰু নিজৰ ভিত্তি গঢ়াৰ প্রয়াস কৰিছিল৷ এনেদৰে অসম ভ্রমণসূচী গ্রহণ সন্দর্ভতো প্রাক্তন মুখ্যমন্ত্রী মহন্তই এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁ কয় যে মই ৰাজ্যৰ বিভিন্ন স্থানত দলীয় নেতা–কর্মীসকলক লগ কৰিবলৈ যাওঁতে দলৰ কার্যালয়ৰ পৰা এটা বার্তা প্রেৰণ কৰা হৈছিল– মোক লগ কৰিব নালাগে৷ প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ এনে ভাষ্যই অগপৰ অভ্যন্তৰৰ সংঘাতপূর্ণ ছবিখন কার্যতঃ পুনৰ স্পষ্ট কৰি তুলিলে৷ এনে প্রেক্ষাপটত অহা ২৭ আগষ্টত অনুষ্ঠিত হ’ব লগা দলৰ সাধাৰণ পৰিষদৰ বৈঠকখন উত্তপ্ত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ লক্ষণীয়ভাৱে সাধাৰণ পৰিষদৰ বৈঠকৰ পূর্বে যোৱা ১৭ আগষ্টত দলৰ আমবাৰীস্থিত মুখ্য কার্যালয়ত জিলা সভাপতিসকলৰ এখন সভা অনুষ্ঠিত হৈছিল৷ কিন্তু সেই সভাখনত উপস্থিত নাছিল প্রাক্তন মুখ্যমন্ত্রী মহন্তসহ তিনি জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী, পবিন্দ্র ডেকা আৰু উৎপল দত্ত৷