নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষাৰ নামত ডেৰ কোটি লুটিলে এপটেকে; নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা নৌহওঁতেই পুঁজি মুকলি

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ জলসিঞ্চন বিভাগৰ ৬ শতাধিক পদত নিযুক্তিক লৈ ৰাজ্যৰ ২০ লাখ নিৱনুৱাৰ লগত চৰম হেতালি খেলি আহিছে মুম্বাইৰ প্রতিষ্ঠান এপটেকে৷ অর্হতাহীন প্রতিষ্ঠানটোক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা প্রদানক লৈ ইতিমধ্যে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সমগ্র বিষয়টো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, যাৰ বাবে এপটেকে আজিপর্যন্ত প্রথম পর্যায়ৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু চাকৰিপ্রত্যাশী লাখ লাখ থলুৱা নিৱনুৱাৰ মূৰত মাধমাৰ দিয়া বহিঃৰাজ্যৰ প্রতিষ্ঠানটোৱে সংগোপনে ৰাজকোষৰ পৰা মোকলাই লৈ গ’ল ১.৫ কোটি টকা৷

ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্রী ভৱেশ কলিতাৰ তৎপৰতাতে এপটেকে এই ধনৰাশি লাভ কৰাৰ খবৰ ওলাইছে৷ এই ঘটনাৰ পৰাই ৰাজ্য চৰকাৰখনৰ নিৱনুৱাৰ প্রতি থকা দায়বদ্ধতাৰ প্রকৃত স্বৰূপ ওলাই পৰিছে৷ উল্লেখ্য যে জলসিঞ্চন বিভাগৰ মুঠ ৬৪৩টা পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ পাইছিল কেইবামাহো আগতে৷ নিযুক্তি প্রদান কৰিবলগীয়া পদসমূহৰ ভিতৰত আছিল শাখা সহায়কৰ ৩৯৭টা, ছাবর্ডিনেট ইঞ্জিনীয়াৰ (চিভিল)ৰ ২১টা, ছাবর্ডিনেট ইঞ্জিনীয়াৰ (মেকানিকেল)ৰ ১টা, কনিষ্ঠ সহায়ক (মুখ্য কার্যালয়)ৰ ২৩টা, কনিষ্ঠ সহায়ক (জিলা পর্যায়)ৰ ১৫৯টা, পাৱাৰ পাম্প অপাৰেটৰৰ ৪১টা আৰু প্রাইমেৰী ইনভেষ্টিগেটৰৰ ১টা পদ৷ ইয়াৰে শাখা সহায়কৰ ৩৯৭টা পদৰ বাবে যোৱা ২ ফেব্রৱাৰীত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে মুম্বাইৰ প্রতিষ্ঠান এপটেকে৷ কিন্তু সিদিনা পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়তে প্রশ্ণকাকত ফাদিল হয়৷ এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পিছত বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ পৰে৷ সমান্তৰালভাৱে এপটেকৰ পূর্বৰ আন এক কলংকিত অধ্যায়ো পোহৰলৈ আহে৷

ন্যায়ালয়ৰ মজিয়াত এপটেকে স্বীকাৰোক্তি দিয়ে যে ইয়াৰ পূর্বে তেওঁলোকক নিযুক্তি পৰীক্ষাত সংঘটিত বেমেজালিৰ বাবে ব্লেকলিষ্টেড ঘোষণা কৰা হৈছিল৷ আচলতে ২০১৮ চনত মুম্বাইৰ প্রতিষ্ঠান এপটেকে উত্তৰ প্রদেশৰ শক্তি নিগমৰ ২,৮৪৯টা পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা লাভ কৰিছিল৷ কিন্তু পৰীক্ষাৰ সময়ত সংঘটিত হয় চৰম বেমেজালি৷ যাৰ বাবে উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰি এপটেকক ব্লেকলিষ্টেড ঘোষণা কৰে৷ একে সময়তে অর্হতাহীন প্রতিষ্ঠানটোক ঠিকা দিয়া কেইবাজনো বিষয়াও নিলম্বিত হয়৷ কিন্তু এই ব্লেকলিষ্টেড কোম্পানীটোকে ৰঙা দলিচা পাৰি নিমন্ত্রণ কৰি আনে মন্ত্রী ভৱেশ কলিতা নেতৃত্বাধীন জলসিঞ্চন বিভাগে৷ অৱশেষত ন্যায়ালয়ৰ মজিয়াত যেতিয়া প্রতিষ্ঠানটোৱে পূর্বৰ কু–কর্মৰ স্বীকাৰোক্তি প্রদান কৰে, তেতিয়াও এপটেকৰ ৰক্ষণাবেক্ষণত নামি পৰে জলসিঞ্চন বিভাগ৷ বিভাগটোৰ তৰফৰ পৰা ন্যায়ালয়ত যুক্তি আগবঢ়োৱা হয় যে উত্তৰ প্রদেশত ব্লেকলিষ্টেড হোৱাৰ পিছতো এপটেকে আন কেইবাটাও বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা লাভ কৰিছিল৷ এনে তৰল যুক্তিৰেই এপটেকে বিসংগতিৰ মাজেৰে অনুষ্ঠিত কৰা জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষাক বৈধতা দিয়াৰ চেষ্টা চলোৱা হয়৷

কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এপটেকৰ বিৰুদ্ধে দাখিল কৰা লেখ আবেদনখনৰ শুনানিৰ দিন৷ কিন্তু তাৰ পূর্বে মুম্বাইৰ প্রতিষ্ঠানটোক জলসিঞ্চন বিভাগে মোকলাই দিয়ে ডেৰ কোটি টকা৷ সীমাহীন বিশৃংখলতাৰ বাবে যোৱা ৭ মাহে ফলাফল ঘোষণা কৰিব নোৱাৰা প্রতিষ্ঠানটোক ডেৰ কোটি টকা মোকলাই দিয়াৰ আঁৰত মন্ত্রী ভৱেশ কলিতাৰ বিশেষ ভূমিকা থকাৰো অভিযোগ উঠিছে৷ কাইলৈ উচ্চ ন্যায়ালয়ত হ’বলগীয়া শুনানিত বিষয়টোৱে কি গতি লয়, সেয়া লক্ষণীয় হ’ব৷

You might also like