নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীতিশ কুমাৰৰ নেতৃত্বতেই বিহাৰত প্রতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ বিজেপি নেতৃত্বাধীন এন ডি এই ঐক্যবদ্ধভাৱে বিহাৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবনে নাই তাক লৈ চর্চা চলি থকাৰ সময়তে আজি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰৰ নেতৃত্বতেই ৰাজ্যখনত অহা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে৷ বিহাৰ বিজেপিৰ ৱর্কিং কমিটীৰ বৈঠক ভিডিঅ’ কনফাৰেঞ্চিংযোগে সম্বোধন কৰি ৰাষ্ট্রীয় সভাপতি নাড্ডাই ৰাজ্যখনত বিজেপি, জে ডি ইউ আৰু এল জি পিৰ মিত্রগোট নির্বাচনত অৱতীর্ণ হ’ব৷ চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নির্বাচনত প্রাধান্য দিয়েই দেওবাৰে দলীয় কর্মীক সম্বোধন কৰি নাড্ডাই কয়, আমি একেলগে বিহাৰ নির্বাচনত যুঁজিম আৰু জয়ী হ’ম৷ উল্লেখ্য যে জে ডি ইউ আৰু এল জি পিৰ মাজত মতবিৰোধ হোৱাৰ সময়তে বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে তিনিওটা দলে ঐক্যবদ্ধ হৈ নির্বাচনত অৱতীর্ণ হ’ব বুলি ঘোষণা কৰা বিষয়টোৱে তাৎপর্য বহন কৰিছে৷

You might also like