নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ স্বাধীনোত্তৰ সাতটা দশকতো গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা দিছপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত ডিমৰীয়া উন্নয়ন খণ্ডৰ বৰবিলাত নির্মাণ নহ’ল বাট–পথ৷ ফলত কংগ্রেছ, অগপ, বিজেপি তিনিওটা দলৰ চৰকাৰৰ চূডান্ত প্রতাৰণাৰ বলি হোৱা কামৰূপ মহানগৰ জিলাৰ বৰবিলাৰ ছয় শতাধিক পৰিয়ালে বোকা–পানী ফেনেকি যাতায়াত কৰি আহিছে৷ সমষ্টিটোৰ প্রাক্তন বিধায়ক অকণ বৰা, বর্তমানৰ বিধায়ক অতুল বৰাকবাৰম্বাৰ পথ নির্মাণৰ বাবে আবেদন–নিবেদন কৰিও কোনো সুফল লাভ নকৰা বৰবিলাৰ ৰাইজে দশক দশক ধৰি বোকা–পানীৰ মাজতেই জীৱন পাত কৰি আহিছে৷ আনকি এম্বুলেঞ্চো নহা বৰবিলাৰ ৰাইজে জৰুৰী সময়ত ৰোগীক নাও বা বাঁহৰ সাঙীত তুলি চিকিৎসালয়লৈ নিবলগীয়াত পৰে৷ পথৰ নামত অমৰাৰ পৰা ডিগাৰু পাৰ ঘাটলৈ থকা মথাউৰিটোৰ অৱস্থাও মেৰামতিৰ অভাৱত শোচনীয় হৈ পৰাত ৰাইজৰ বাবে যাতায়াত দুর্বিষহ হৈ পৰিছে৷ এনে পৰিস্থিতিত চৰকাৰ প্রশাসনৰ প্রতাৰণাত অতিষ্ঠ হৈ পৰা বৰবিলাৰ ৰাইজ শ্রমদান কৰি পথ মেৰামতিত ব্যস্ত হৈ পৰিছে৷ প্রগতিশীল যুৱ মঞ্চ, বৰবিলাৰ নেতৃত্বত স্থানীয় যুৱকসকলে হাতে হাতে কোৰ লৈ বিগত দুটা সপ্তাহে কৰি আহিছে পথৰ মেৰামতিৰ কাম৷ অমৰা বজাৰৰ পৰা ডিগাৰু পাৰ ঘাটলৈ যোৱা প্রায় ৬ কিঃমিঃ দৈর্ঘ্যৰ পথছোৱা বন্ধৰ দিনত নিজেই মেৰামতি কৰাত ব্যস্ত হৈ পৰিছে স্থানীয় যুৱকসকল৷ উল্লেখ্য যে ২০২১ চনৰ নির্বাচনৰ পূর্বে বৰবিলাৰ বাট–পথ নির্মাণ নহ’লে ভোট বর্জনৰো হুংকাৰ প্রদান কৰিছে বৰবিলাৰ ৰাইজে৷ মন কৰিবলগীয়া যে মহানগৰীৰ গাতে লাগি থকা বৰবিলাৰ ডিগাৰু নদীৰ ওপৰত চন্দ্রপুৰ–ডিমৰীয়া সংযোগী পকী দলং আৰু অমৰা বজাৰলৈ পকী পথ নির্মাণে অঞ্চলটোৰ ছয় শতাধিক পৰিয়ালৰ দুৰৱস্থাৰ অন্ত পেলাব পাৰে৷ কিন্তু তাকেই কৰিবলৈ আজিকোপতি বিধায়ক–সাংসদৰ শুভবুদ্ধিৰ উদয় নহ’ল৷