স্প্রিণ্টাৰ উছেইন ব’ল্ট ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ ঘনিষ্ঠ বন্ধু–বান্ধৱী, আত্মীয়–স্বজন আৰু পৰিয়ালৰ সৈতে ৩৪ বছৰীয়া জন্মদিন উদযাপনৰ এদিন পিছতে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে বিশ্বৰ দ্রুততম মানৱ উছেইন ব’ল্ট৷ কিংবদন্তি স্প্রিণ্টাৰগৰাকীয়ে যোৱানিশা ছ’চিয়েল মিডিয়াত এই কথা সদৰী কৰিছে৷ অলিম্পিকত কেইবাটাও পদক জয়েৰে বিশ্বৰ ক্রীড়া জগতত খলকনি তোলা একালৰ তাৰকা দৌৰবিদগৰাকীয়ে সম্প্রতি জামাইকাত হোম কোৱাৰেণ্টাইনত আছে৷ আৰু এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে তেওঁৰ সান্নিধ্যলৈ অহা বন্ধু–বান্ধৱীসকলক্ ব’ল্টে আছুতীয়াকৈ থকাৰ আহ্বান জনাইছে৷ উল্লেখ্য যে শনিবাৰে বিশ্বৰ দ্রুততম মানৱ হিচাপে খ্যাত উছেইন ব’ল্টে একাংশ ঘনিষ্ঠ বন্ধু–বান্ধৱী আৰু আত্মীয়–স্বজনৰ সৈতে ব্যাপক উলহ–মালহেৰে ৩৪সংখ্যক জন্মদিন উদযাপন কৰিছিল৷ এই উপলক্ষে আয়োজিত নাইট পার্টীত উপস্থিত আছিল ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্রিকেটাৰ ক্রিছ গেইল, মানচেষ্টাৰ চিটীৰ তাৰকা ফুটবলাৰ ৰহিম ষ্টাৰলিঙকে ধৰি কেইবাগৰাকীও চেলিব্রিটী৷
ফেচবুকত ব’ল্টে বার্থ ডে’ পার্টীৰ কেইবাটাও ভিডি’ প’ষ্ট কৰিছিল, য’ত তেওঁৰ বন্ধু–বান্ধৱী আৰু অতিথিসকলে সামাজিক দূৰত্ব বর্তাই নাৰাখি নাচ–গানত মত্ত হৈ থকা দেখা গৈছিল৷ স্থানীয় সংবাদ মাধ্যমে অভিযোগ কৰা অনুসৰি ব’ল্টৰ বার্থ ডে’ পার্টীত কোনেও ফেচ মাস্ক পৰিধান কৰা নাছিল আৰু স্বাস্থ্যজনিত কোনো সাৱধানতা বর্তাই ৰখা নাছিল৷ ইফালে, স্প্রিণ্টাৰগৰাকীৰ বার্থ ডে’ পার্টীত কেৰিবিয়ান ক্রিকেটাৰ ক্রিছ গেইল উপস্থিত থকাৰ সংবাদে আই পি এললৈ আশংকা কঢ়িয়াই আনিছে৷ অৱশ্যে ক্রিকেটাৰগৰাকীয়ে আজি স্পষ্ট কৰিছে যে তেওঁ শেহতীয়াকৈ দুবাৰ ক’ভিড টেষ্টৰ সন্মুখীন হৈছে আৰু দুয়োবাৰতে নিগেটিভ ফলাফল আহিছে৷ উল্লেখ্য যে আই পি এলত গেইলে এইবাৰ কিংছ ইলেভেন পঞ্জাবৰ হৈ খেলিব৷ ছ’চিয়েল মিডিয়াত তেওঁ আজি সদৰী কৰা অনুসৰি ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পিছত তেওঁ এতিয়া ইউ এ ইলৈ উৰা মাৰিবলৈ সাজু হৈছে৷